peepl-small

উৰুকাৰ নিশা শোকত কান্দি উঠা এখন গাঁও, ২৪ বছৰে পতা নাই ভোগালী বিহু

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ চৌদিশে ভোগালীৰ আয়োজন। বাপতিসাহোন ভোগালীৰ এনে আয়োজনৰ মাজতে অসমত এনে এখন অসমীয়া গাঁও আছে, য’ত আজি ২৪ বছৰে পালন কৰা হোৱা নাই ভোগালী বিহু।

এই গাঁওখন হ’ল তামুলপুৰৰ কেকেৰীকুছি গাঁও। এই গাঁওখনতে ২৪ বছৰ আগতে অৰ্থাৎ ১৯৯৮ চনৰ ১৩ জানুৱাৰীত অচিনাক্ত আততায়ীয়ে নিৰ্বিচাৰ গুলীচালনাৰে হত্যা কৰিছিল চাৰিটা পৰিয়ালৰ আবাল-বৃদ্ধ-বনিতাসহ ১৭গৰাকীকৈ নিৰীহ লোকক। এই ঘটনাৰ পিছৰে পৰা গাঁওবাসীয়ে পালন কৰা নাই ভোগালী বিহু।

ভোগালীৰ ভোজভাতৰ আয়োজন চলি থকাৰ সময়তে ১৭ সতীৰ্থক হেৰুওৱাৰ শোক আজিও শিল হৈ ৰৈছে গাঁওবাসীৰ মনত। ভোগালী বিহুৰ দুটা দিনত গাঁওবাসীয়ে উক্ত হত্যাকাণ্ডৰ বলি হোৱাসকলৰ স্মৃতিত শ্বহীদবেদীত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ কাৰ্যসূচী পালন কৰে। উৰুকাৰ নিশা উজাগৰে থাকি বন্তি প্ৰজ্বলন কৰে শ্বহীদৰ সোঁৱৰণত।

এইদৰে কেকেৰীকুছিত উৰুকা এক আনন্দ-উৎসৱৰ নিশাৰ পৰা আতংকৰ নিশাত পৰিণত হৈ আছে যোৱা ২৪ বছৰে।

RELATED ARTICLES