peepl-small

আলোচনাৰ মেজলৈ আহিবলৈ আলফা(স্বাঃ)ক আহ্বান দেৱালয় সংঘৰ

PUBLISHED:

গুৱাহাটী: শীঘ্রে আলোচনাৰ মেজলৈ আহিবলৈ আলফা (স্বাঃ) আহ্বান জনাইছে সদৌ অসম দেৱালয় সংঘই৷ এক বিবৃতিত সংঘৰ সভাপতি তথা শুক্রেশ্বৰ দেৱালয়ৰ বৰ দেউৰী সুৰেশ চন্দ্র ভট্টাচার্য আৰু প্রধান সম্পাদক তথা শ্রীশ্রী উগ্রতাৰা দেৱালয়ৰ বৰদেউৰী কৈলাস শর্মাই কয় যে ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্বভাৰ গ্রহণ কৰাৰ পিছতেই চৰকাৰ আৰু আলফা (স্বাধীন)ৰ মাজত শান্তি আলোচনাৰ বাবে এক সুস্থ বাতাৱৰণৰ সৃষ্টি হৈছে৷

মুখ্যমন্ত্রী ড০ শর্মাক উত্তৰ–পূব ভাৰতৰ এগৰাকী বিচক্ষণ ৰাজনীতিজ্ঞ আৰু অসমৰ এগৰাকী সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী হিচাপে অভিহিত কৰি সংঘৰ সভাপতি আৰু সম্পাদকদ্বয়ে কয়– ‘আলফা (স্বাধীন)–এ অপহৰণ কৰা অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁক মুকলি কৰি দিয়ে৷ সদিচ্ছাৰ ভাব প্রকাশ কৰি সেনাধ্যক্ষ পৰেশ বৰুৱাই ক’ভিড আৰু আলোচনাৰ এক সময়োচিত বাতাৱৰণ তৈয়াৰ কৰাৰ বাবে তিনি মাহলৈ প্রথমবাৰৰ বাবে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছে৷

ইয়াৰ ফলত ৪২ বছৰীয়া এই স্পর্শকাতৰ সমস্যা সমাধানৰ এক দুৱাৰ মুকলি হৈছে৷’ ৰাজ্যখনক সঠিক পথেৰে আগবঢ়াই নিয়াৰ ক্ষেত্রত গ্রহণ কৰা ব্যৱস্থাৰ বাবে মুখ্যমন্ত্রীগৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ভট্টাচার্য আৰু শর্মাই চৰকাৰ আৰু আলফা (স্বাধীন)ৰ মাজৰ আলোচনা প্রক্রিয়া অতি তৎপৰতাৰে আগবঢ়াই নি যুদ্ধবিৰতিৰ সময়ছোৱাতে প্রথমলানি আলোচনা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে৷

একে সময়তে সংঘই কয় যে বাৰেৰহণীয়া অসমৰ সর্বতোপ্রকাৰৰ উন্নতিৰ বাবে আলফা আৰু ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হ’বলগীয়া আলোচনাৰ বাবে এয়ে উপযুক্ত সময়৷ এইক্ষেত্রত প্রয়োজন সাপেক্ষে দেৱালয় সংঘই সর্বতোপ্রকাৰে সহযোগিতা কৰিব বুলিও আশ্বাস দিয়ে৷ একে সময়তে নতুনকৈ মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণ কৰাৰ পিছতে ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্তৰে ৰাজ্যৰ জ্বলন্ত সমস্যা সমাধানৰ পথ প্রশস্ত কৰা ড০ হিমন্ত বিশ্ব শর্মাৰো শলাগ লয় অসম দেৱালয় সংঘই৷ লগতে দেৱালয় সংঘই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীসহ নৱনির্বাচিত বিধায়কসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

RELATED ARTICLES