peepl-small

ৰিতুলৰ মুক্তিৰ পাছতে পৰেশ বৰুৱাঃ যদিহে পথ মসৃণ হয় আলোচনালৈ সাজু আলফা

PUBLISHED:

গুৱাহাটীঃ আলোচনাৰ বাবে সাজু আলফা (স্বাধীন)৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ শান্তি আলোচনাৰ বাবে জনোৱা আহ্বানৰ প্রতি স্পষ্ট সঁহাৰি জনাই শনিবাৰে সশস্ত্র সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ক’লে– আলফাই কেতিয়াও আলোচনাৰ বিৰোধিতা কৰা নাই৷ অসম–ভাৰতৰ সংঘাত সমাধানত আমি বিৰোধী নহয়৷

উল্লেখ্য যে অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াৰ মুক্তিক কেন্দ্র কৰি মুখ্যমন্ত্রী ড০ শর্মাই জনোৱা আহ্বানক দায়িত্বশীল আৰু বস্তুনিষ্ঠ আহ্বান বুলি মন্তব্য কৰিছিল পৰেশ বৰুৱাই৷ আনকি অপহূত ৰিতুল শইকীয়াক মুক্তিৰ বাবে জনোৱা আহ্বানকো সঁহাৰি দি  অ’ এন জি চিৰ কর্মচাৰীজনক মোকলাই দিয়ে সশস্ত্র সংগঠনটোৱে৷ শনিবাৰে ‘নিউজ লাইভ’ৰ চীফ মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ সৈতে হোৱা এক টেলিফোনিক বার্তালাপত পৰেশ বৰুৱাই স্পষ্টকৈ কয়– আলফাই কেতিয়াও আলোচনাৰ বিৰোধিতা কৰা নাই৷ আমি আগতেও কৈছিলোঁ, ২০০৬–০৭ চনতো কৈছিলোঁ আলোচনাৰ কথা৷ এইটো জাতীয় ইছ্যু৷ জনগণৰ ন্যায্যতাৰ বাবে এইখন ৪১ বছৰীয়া সংগ্রাম৷ ইয়াৰ সমাধানৰ পথ উলিওৱাটো চৰকাৰৰ দায়িত্ব৷ পৰেশ বৰুৱাই আৰু কয়– যদি পথ মসৃণ হয়, জাতি অপমানিত নহয়, ভাষা–সংস্কৃতিৰ ওপৰত আঘাত নাহে, আত্মমর্যাদাৰ ওপৰত আঘাত নাহে, আমাৰ দাবীৰ ন্যায্যতাৰ ওপৰত যদি আঘাত নাহে, তেন্তে আলোচনা কৰিবলৈ নিশ্চয় আমি প্রস্তুত৷ ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই মসৃণ পথ উলিয়াব পাৰে৷ যুদ্ধবিৰতি ডাঙৰ কথা নহয়, আমি যদি দেখোঁ পথ কাঁইটীয়া নহয়, প্রকৃত অন্তৰেৰে ঔপনিৱেশিক শাসক গোষ্ঠী তথা দিল্লীৰ শাসকসকলক বুজাব পাৰে, তেন্তে আমাৰ আপত্তি নাই৷ ড০ হিমন্ত বিশ্ব শর্মা এজন সামর্থ্যৱান ব্যক্তি৷ তেওঁ কিবা এটা কৰিব পাৰিব বুলি আমাৰ বিশ্বাস আছে৷ বুৰঞ্জীৰ আঘাত নোহোৱাকৈ, আমাৰ ন্যায্যতা কেনেকৈ পাব লাগে এই বিষয়ত আলোচনা হ’ব নে নাই, সেয়া সুনিশ্চিত কৰিব পাৰিলে অথবা এই বিষয়টো সুন্দৰকৈ দাঙি ধৰিব পাৰিলে এই দিশত আমি আশা ৰাখিব পাৰোঁ৷

অস্ত্র বিৰতিৰ প্রসংগত পৰেশ বৰুৱাই কয়– অস্ত্র বিৰতিক ইতিবাচকভাৱে ল’লে ভাল দিশত আগবাঢ়িব৷ যদি নেতিবাচক হিচাপে লয়, সেয়া তেওঁলোকৰ কথা৷ কিন্তু আমি আশাবাদী৷ ইফালে, ৰিতুল শইকীয়াৰ মুক্তিৰ প্রসংগত পৰেশ বৰুৱাই কয়– বিনম্রভাৱে যিসকলে আমাক পৰামর্শ দিয়ে, আমি তেওঁলোকৰ পৰামর্শ শুনো৷ যিসকলে আমাক কুকুৰ–মেকুৰীৰ লগত তুলনা কৰি বিভিন্ন শব্দ প্রয়োগ কৰি আমাক বশ কৰিব বিচাৰে, আমাক কাণত ধৰি শিকাব বিচাৰে, তেনে ব্যক্তিক আমি কেতিয়াও সন্মান নিদিওঁ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে কোনো খুঁত নথকাকৈ আহ্বান কৰিছিল৷ আমাক ভদ্রভাৱে আহ্বান দিলে আমি মানিম৷ আমি নৰখাদক নহয়৷ আমাৰ নীতি আছে৷ এই নীতি থকা সংগঠনৰ নেতা হিচাপে ৰিতুল শইকীয়াৰ মুক্তিৰ ক্ষেত্রত দায়িত্বশীলতাৰ পৰিচয় দিছোঁ৷ পূর্বে যিধৰণে কুইপ’ৰ কর্মচাৰী দুজনৰ মুক্তিৰ ক্ষেত্রত কথা ৰাখিছিলোঁ, একে ধৰণে ৰিতুল শইকীয়াৰ ক্ষেত্রতো আমি কথা ৰাখিবলৈ সক্ষম হৈছোঁ ৷ 

RELATED ARTICLES