peepl-small

দৰং–ওদালগুৰিত শিপাইছে আলফা (স্বা)

PUBLISHED:

গুৱাহাটীঃ আলফা স্বাধীনৰ নতুন ঠিকনা হৈ পৰিছে দৰং৷ কয়লাৰ ট্ৰাক, অবৈধ গৰু সৰবৰাহ, জুৱাক লৈ ব্যস্ত থাকোঁতে দৰং–ওদালগুৰিৰ ভূটান সীমান্তৱর্তী জ’নত আলফাই নীৰৱে ঢাল পাতি আগবাঢ়িছে৷ অত্যন্ত সন্তর্পনে আগবঢ়া আলফাৰ গতিবিধিৰ জিলা ২খনৰ আৰক্ষীয়ে উৱাদিহ পোৱা নাছিল৷ কেৱল গৃহ বিভাগৰ আন্তঃৰাষ্ট্রীয় ফোনকল পর্যালোচনাতহে ওলাই পৰে কেনেকৈ দৰঙৰ পৰা গোপনে ম্যানমাৰ, চীনলৈ ঘণ্টাৰ পাছত ঘণ্টা ফোন গৈছে, আলফা স্বাধীনৰ নয়নজ্যোতি মেধিৰে বহু পূর্বে শিবিৰ এৰি আঁতৰি অহা সদস্যয়ো কিদৰে যোগাযোগত আহিছে৷

এনে পৰিস্থিতিৰ মাজতে ২০২০ বর্ষৰ অন্তিম সপ্তাহত ৰাজ্যৰ চোৰাংচোৱাই দৰং আৰক্ষীক কাঢ়া নির্দেশনা জাৰিৰ পাছতে পোহৰলৈ আহে সমস্ত কর্মকাণ্ড৷ লক্ষণীয় যে দৰং আৰক্ষীয়ে জিলাখনৰ লগতে চুবুৰীয়া ওদালগুৰি আৰু কামৰূপ মহানগৰীত চলোৱা অভিযানত নিষিদ্ধঘোষিত আলফা স্বাধীনৰে সম্পর্ক ৰখা, ধন দাবী কৰাৰ অভিযোগত আলোচনাপন্থী আলফাৰ নেতাসহ মুঠ ৭জন লোক গ্রেপ্তাৰ হৈছে৷

দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই কালি সন্ধিয়া অনুষ্ঠিত কৰা এখন সংবাদ মেলত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ পর্যবেক্ষণত এসপ্তাহ ধৰি চলোৱা এই অভিযানৰ বৃহস্পতিবাৰে অন্তিমজন লোকক গ্রেপ্তাৰ কৰাৰ পাছত আৰক্ষীৰ বৃহৎ সফলতা অর্জন কৰা বুলি দাবী কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোককেইজন হৈছে ছিপাঝাৰ থানাৰ অন্তর্গত কমাৰগাঁৱৰ খনীন্দ্র কলিতা ওৰফে জ্যোতিষ (২৯), হীৰেন কলিতা (৩৫), নাপ্তাপাৰা গাঁৱৰ ধর্মেন্দ্র ডেকা (২৬), ওদালগুৰি জিলাৰ হৰিশিঙা থানা এলেকাৰ বৰঙাবাৰীৰ বলেন ডেকা (৩৮) আৰু আমলাইগুৰিৰ ধ্রুৱজ্যোতি বৈশ্য (৩৭), মঙলদৈ কবিকাৰাৰ আলোচনাপন্থী আলফা সদস্য প্রসন্ন শইকীয়া ওৰফে প্রাণজিত চলিহা (৫৮) আৰু গুৱাহাটী পাণ্ডুৰ ৰে’লৱে কোৱার্টাৰৰ আৱাসী অসীম অধিৰিকা ওৰফে ৰাজ দত্ত (২৭)৷

ছিপাঝাৰ থানাৰ গোচৰ নং ১৪/২০২১মর্মে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ২২১, ৩৪নং ধাৰা আৰু ইউ এ পি আইনৰ ১০/১৩ ধাৰাৰ অধীনত লোককেইজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ দৰঙৰ আৰক্ষী অধীক্ষকে সাংবাদিকক জনোৱা মতে গোপন সূত্রৰ পম খেদি খনীন্দ্র কলিতা ওৰফে জ্যোতিষ, হীৰেন কলিতা আৰু ধর্মেন্দ্র ডেকাক গ্রেপ্তাৰ কৰি তেওঁলোকৰ ম’বাইল ফোন পৰীক্ষাৰ অন্তত ম্যানমাৰস্থিত আলফা নেতাৰ সৈতে যোগাযোগ ৰখাৰ তথ্য লাভ কৰে৷ যুৱককেইজনৰ তথ্যৰ ভিত্তিত পিছলৈ হৰিশিঙাৰ পৰা ২জনক গ্রেপ্তাৰ কৰে৷

আনহাতে, বুধবাৰে সন্ধিয়া আলোচনাপন্থী আলফা নেতা প্রসন্ন শইকীয়াক গ্রেপ্তাৰ কৰাৰ বিপৰীতে অসীম অধিৰিকাক কালি গুৱাহাটীৰ পৰা গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰ কৰা এইসকলে আলফাৰ হৈ ধনদাবী, সদস্যভর্তিৰ চেষ্টা কৰিছিল৷

RELATED ARTICLES