peepl-small

ONGC-ৰ বিষয়া-কৰ্মচাৰীৰ অপহৰণত জড়িত আলফাঃ জিপি সিং

PUBLISHED:

গুৱাহাটীঃ তেল আৰু প্ৰাকৃতিক নিগম চমুকৈ অএনজিচিৰ তিনি বিষয়া-কৰ্মচাৰীৰ অপহৰণত জড়িত আছে সংযুক্ত মুক্তি বাহিনী, অসম (আলফা-স্বাধীন)। এই তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে।

বৃহস্পতিবাৰে লাকুৱাৰ অপহৰণ কাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয়-” আমি যি তদন্ত কৰিছোঁ, তাত আলফা জড়িত থকা কথাটো ওলাইছে। জড়িত থকা আলফা কেডাৰসকলকো আমি চিনাক্ত কৰিছোঁ। কিছুসংখ্যক অভাৰগ্ৰাউণ্ড কৰ্মীও জড়িত আছে।”

সিঙে কয় যে এই অপহৰণ কাণ্ডত দুটা দিশ নিহিত আছে-মুক্তিপণ আদায় আৰু অসমত অস্থিৰতা সৃষ্টি। অৱশ্যে তেনে উদ্দেশ্য সফলকাম হ’বলৈ দিয়া নহ’ব বুলি দৃঢ়তাৰে ব্যক্ত কৰে জিপি সিঙে।

আনহাতে, অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে।

RELATED ARTICLES