peepl-small

OIL, ONGC, IOC-ক ৭ টা চৰ্ত আলফা স্বাধীনৰ

PUBLISHED:

গুৱাহাটীঃ ‘OIL’, ‘ONGC’ আৰু ‘IOC’-ক সাতটাকৈ চৰ্ত বান্ধি দিছে আলফা স্বাধীনে।
এতিয়ালৈকে এই প্ৰতিষ্ঠানকেইটাই অসমৰ পৰা কিমান সম্পদ আহৰণ কৰিলে তাৰ তথ্য ৰাজহুৱা কৰাৰ দাবী জনাইছে আলফাই।

প্ৰতিষ্ঠানকেইটাৰ সঞ্চালক পদ থলগিৰি লোকৰ বাবে সংৰক্ষিত কৰা, ৯৫ শতাংশ চাকৰি থলগিৰিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা, নিযুক্তি স্বচ্ছ আৰু নিকা কৰা, ঠিকাভিত্তিক নিয়োগৰ সলনি চাকৰি নিয়মীয়া কৰা, গাঁওসমূহলৈ পাইপযোগে ৰন্ধন গেছ যোগান ধৰা, দুৰ্যোগ সাহায্যৰ বাবে ৫ কোটি টকা বৰঙণি আগবঢ়োৱা আদি চৰ্ত আৰোপ কৰিছে বিদ্ৰোহী সংগঠন আলফা স্বাধীনে।

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এই চৰ্তকেইটা মানি ল’লে অইল, অ’এনজিচি আৰু আইঅ’চিৰ বিৰুদ্ধে অনিৰ্দিষ্টকাললৈ সামৰিক অভিযান চলোৱাৰ পৰা বিৰত থাকিব সংগঠনটো।
OIL, ONGC, IOC-ক ৭ টা চৰ্ত আলফা স্বাধীনৰ

 

RELATED ARTICLES