peepl-small

ONGCৰ ৩ বিষয়াৰ অপহৰণৰ আঁৰত আলফাঃ শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ দাবী

PUBLISHED:

গুৱাহাটী: কুইপ’ কোম্পানীত কর্মৰত দুই বিষয়াক অপহৰণ আৰু তাৰ পৰৱৰ্তী সময়ত মুক্তিক লৈ চলি থকা চর্চা আৰু চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ অবিভক্ত শিৱসাগৰ জিলাৰ লাকুৱাত সংঘটিত হ’ল আন এক অপহৰণ কাণ্ড৷ অ’ এন জি চিৰ লাকুৱা তৈলক্ষেত্রৰ অধীনস্থ বাগান তিনিআলিত থকা ৰোমানীয়া ১০৩ নামৰ ৱর্ক অভাৰ ৰিগটোৰ পৰা কর্মৰত তিনি বিষয়াক পুৱতিনিশা সশস্ত্র বিদ্রোহী সংগঠনৰ পাঁচজনীয়া এটা দলে অপহৰণ কৰি নিয়াৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তুমুল চাঞ্চল্য৷ এটা অপহৰণ কাণ্ডৰ প্রতিক্রিয়া আৰু চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ অসমৰ ভূমিৰ ভিতৰৰ পৰাই অসম আৰক্ষীৰ অভেদ্য নিৰাপত্তা বেহু ভেদি অ’ এন জি চিৰ তিনিগৰাকীকৈ বিষয়াক অপহৰণ কৰি নিয়াৰ ঘটনাই সচেতন মহলক আচৰিত কৰি তুলিছে৷

অ’ এন জি চিৰ লাকুৱা তৈলক্ষেত্রৰ পৰা অপহৰণ কৰি নিয়া বিষয়া তিনিজনক গোলাঘাট জিলাৰ বৰহোলাৰ ৰিতুল শইকীয়া, ডিব্রুগড় জিলাৰ খোৱাং আৰক্ষী চকীৰ অন্তর্গত নিতাইপুখুৰী সৰুআলি গাঁৱৰ মোহিনী মোহন গগৈ আৰু যোৰহাটৰ অলকেশ শইকীয়া৷ অপহূত তিনিওগৰাকী বিষয়াৰ মাজৰে ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈয়ে শিৱসাগৰ অ’ এন জি চিৰ কলনীত পত্নীসহ বাস কৰাৰ বিপৰীতে অলকেশ শইকীয়াই ৰংঘৰ চাৰিআলিৰ সমীপৰ এজন ব্যক্তিৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল৷

প্রাপ্ত বাতৰি মতে, বিগত প্রায় এটা বছৰ ধৰি লাকুৱা বাগান তিনিআলিৰ ৰোমানীয়া ১০৩ নম্বৰ ৱর্ক অভাৰ ৰিগটোত কর্মৰত এই তিনি বিষয়া কালি সন্ধিয়াৰ পৰাই নিশাৰ কর্তব্যত নিয়োজিত আছিল৷ নাতিদূৰৈদি পাৰ হৈ যোৱা এটা ৰে’লৱে লাইনৰ কাষতে থকা এই তৈলখাদটোৰ কাষতে আছিল এখন বৃহৎ চাহ বাগিচা আৰু বিপৰীত দিশে আছিল চলা বনাঞ্চলৰ সংযোগী পথ৷ কোনো ধৰণৰ পকী দেৱালৰ ব্যৱস্থা নথকা তথা প্রতিনিশাই ১১/১২জন বিষয়া–কর্মচাৰী কর্তব্যত নিয়োজিত থকা তৈলখাদটোত নিগমৰ চি আই এছ এফ অথবা কোনোধৰণৰ অস্ত্রধাৰী নিৰাপত্তাৰক্ষীৰ দল নাছিল৷ ইয়াৰ পৰিৱর্তে আওপুৰণি মান্ধাতা যুগৰ থ্রী নট থ্রী এটা ৰাইফলসহ এটা দুজনীয়া গৃহৰক্ষী দলক নিয়োজিত কৰা হৈছিল তৈলখাদৰ নিৰাপত্তাত৷ কিন্তু পুৱতিনিশা প্রায় ১.৩০ বজাত হঠাৎ চলা বনাঞ্চল দিশৰ পৰা হাতে হাতে মাৰণাস্ত্র লৈ তৈলখাদত প্রৱেশ কৰা এটা পাঁচজনীয়া বিদ্রোহী সংগঠনৰ দলে খাদটোত কর্মৰত প্রতিজন বিষয়া–কর্মচাৰীক হিন্দী ভাষাতেই হেণ্ডছআপ কৰাই নির্দিষ্ট স্থানত গোট খোৱায়৷

ইয়াৰ পিছতেই টোকানধাৰী তিনিজনীয়া গৃহৰক্ষী দলটোৰ লগতে আঠজনীয়া অ’ এন জি চিৰ বিষয়া–কর্মচাৰীৰ লগতে জৰুৰী সেৱাৰ বাহনৰ চালকজনকো খাদটোৰ ভিতৰত থকা এটা বাংক হাডছলৈ লৈ যায়৷ এই বাংক হাডছটোৰ ভিতৰতেই নিৰাপত্তাৰক্ষীকে ধৰি সকলো বিষয়া–কর্মচাৰীক বন্ধ কৰি ৰিতুল শইকীয়া, মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক বাংকাৰৰ পৰা বাহিৰলৈ ডলিয়াই আনে৷ ইয়াৰ পিছতেই বাংক হাডছৰ সন্মুখতেই থকা এম্বুলেঞ্চখনৰ চালক কোন বুলি প্রশ্ণ কৰাত ৰাজু দুৱৰী নামৰ যুৱকজনে মই বুলি জানিবলৈ দিয়ে৷ লগে লগেই ৰিতুল শইকীয়া, অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈৰ লগতে এম্বুলেঞ্চৰ চালক ৰাজু দুৱৰীক এম্বুলেঞ্চখনৰ ভিতৰত বহুৱাই বিদ্রোহী সংগঠনৰ এজন সদস্যই নিজেই চালকৰ আসনত বহি তেলখাদৰ পৰা ওলাই আহে৷ লাকুৱা আৰক্ষী চকীৰ সন্মুখেদি অহাৰ পৰিৱর্তে চলা বনাঞ্চলৰ মাজেদি মথুৰাপুৰ থানাৰ নাতিদূৰৈত মথুৰাপুৰ তিনিআলিৰ সমীপৰ ধোদৰ আলিত উঠেগৈ৷ ইয়াৰ পিছত পোনে পোনে এম্বুলেঞ্চসহ বিদ্রোহী সংগঠনটোৰ অস্ত্রধাৰী সদস্যকেইজনে তিনি অপহূতক লৈ দলবাগান তিনিআলিৰ পৰা চৰাইদেড বাগানৰ মাজেদি নাগালেণ্ড সীমান্তৱৰ্তী লেঙিবৰ বাক পুখুৰী গাঁৱত পূর্বৰে পৰা অপেক্ষা কৰি থকা আন এটা অস্ত্রধাৰী গোটৰ হাতত অপহূত বিষয়া তিনিজনক চমজাই দিয়াৰ পিছত পুনৰ এম্বুলেঞ্চখনতেই অস্ত্রধাৰী দলটোৰ দুজন সদস্য যোৱা বাটেৰে কিছুদূৰ উলটি আহি এক নির্দিষ্ট স্থানত চালকজনক এৰি আঁতৰি যায়৷ এই অপহৰণৰ সময়ত বিদ্রোহী সংগঠনৰ সদস্যসকলে ৰিগটোত কর্মৰত সকলো কর্মচাৰীৰে ম’বাইল ফোনসমূহ নিজৰ লগত লৈ অহাৰ লগতে বাংক হাডছৰ ভিতৰত কর্মচাৰীসকলক বাহিৰৰ পৰা বন্ধ কৰি থৈ আহে৷ ইফালে পুৱতিনিশা প্রায় চাৰে তিনি মান বজাত মুকলি কৰি দিয়া চালকজনে আৰক্ষী আৰু ঊর্ধ্বতম কর্তৃপক্ষক অৱগত কৰাৰ পিছতহে পোহৰলৈ আহে এই ভয়ংকৰ অপহৰণ কাণ্ডৰ কথা৷ লগে লগেই আৰক্ষীয়ে চালকজনক তদন্তৰ স্বার্থত নিজৰ জিম্মাত লোৱাৰ লগতে তাৎক্ষণিকভাৱে বাগান তিনিআলিৰ ৰিগটোত ডপস্থিত হৈ আন কর্মচাৰীসকলক বাংক হাউছৰ পৰা মুকলি কৰি আনে৷ আৰক্ষীয়ে বিষয়া তিনিজনক অপহৰণ কৰি নিয়া গাডীখনৰ পিছৰ ছীটৰ আসনৰ তলৰ পৰা এটা ৯ এম এম পিষ্টলৰ গুলীও উদ্ধাৰ কৰিছে৷

ইফালে, শিৱসাগৰ অ’ এন জি চি কলনীৰ এ ব্লকৰ ২০৯ আৰু ৩০১ নম্বৰ কোৱার্টাৰত পত্নী–সন্তানসহ এৰি যোৱা ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈৰ পত্নীয়ে পুৱা ৬.৩০ বজাত এই খবৰ লাভ কৰাৰ পিছতে সমগ্র কলনীটোতেই কান্দোনৰ ৰোল ডঠে৷ ছটা বছৰৰ পূর্বে শাশ্বতী শইকীয়াৰ সৈতে বিবাহত বহা মোহিনী মোহন গগৈয়ে ২০১৫ চনতহে জুনিয়ৰ টেক্নিচিয়ান হিচাপে নিগমত যোগদান কৰিছিল৷ আনহাতে ‘এ’ ব্লকৰ ২০৯ নম্বৰ কোৱার্টাৰত যোৱা ১৫ ডিচেম্বৰত জন্ম হোৱা পাঁচমহীয়া পুত্র সন্তানটিৰ লগতে পত্নী শতাব্দী হাজৰিকাক এৰি থৈ নাইটশ্বিপৰ বাবে ওলাই গৈছিল অপহূত ৰিতুল৷ পুৱা এগৰাকী বন্বুূৱে দিয়া খবৰৰ ভিত্তিত অপহৰণৰ ঘটনা জানিব পাৰে৷ নিৰীহ স্বামীক এনেদৰে বিদ্রোহী সংগঠনে অপহৰণ কৰি নিয়াৰ পিছৰে পৰাই শোকত ভাগি পৰা শতাব্দীৰ শাৰীৰিক অৱস্থা শোচনীয় বুলি জানিব পৰা গৈছে৷ ইফালে অপহূতক কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ চালকৰ ভাষ্যৰ ভিত্তিত মথুৰাপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া দুলাল গগৈ আৰু টেঙাপুখুৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া জয়ন্ত হাজৰিকাৰ নেতৃত্বত অসম আৰক্ষী আৰু ব্লেকপেন্থাৰৰ এটা বৃহৎ দলে লেঙিবৰ আৰু বাক পুখুৰী অঞ্চল ঘেৰি লৈ বাতৰি প্রেৰণ কৰাৰ সময়লৈকে অভিযান চলাই থকা বুলি এক সূত্রৰ পৰা জানিব পৰা গৈছে৷

অপহৰণ কাণ্ডৰ আঁৰত আলফা স্বাধীনৰ হাতঃ এছ পি অমিতাভ সিন্হা

শিৱসাগৰ জিলাৰ শিমলুগুৰি থানাৰ অন্তর্গত লাকুৱা বাগান তিনিআলিৰ এটা তেলখাদৰ পৰা তিনিগৰাকী অ’ এন জি চিৰ বিষয়াক অপহৰণ কৰি নিয়াৰ আঁৰত পোনপটীয়াকৈ আলফা (স্বাঃ)ৰ হাত আছে৷ –এই মন্তব্য শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাৰ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত আলফা (স্বাঃ)–এ এই ঘটনা সংঘটিত কৰা বুলি স্পষ্ট কৰি দিয়াৰ লগতে অপহূতক উদ্ধাৰৰ বাবে অভিযান তীব্রতৰ কৰি তোলা বুলি জানিবলৈ দিছে৷ অভিযানৰ অংশ হিচাপে নাগালেণ্ডৰ মন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ অব্যাহত ৰাখি অভিযান চলাই থকা বুলি জানিবলৈ দিয়া আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনাৰ বিস্তৃত তথ্য জানিবৰ বাবেই সোধাপোছাৰ বাবে ৰিগটোত কর্মৰত গৃহৰক্ষী জোৱানজনৰ লগতে তিনি অপহূতক কঢ়িয়াই নিয়া এম্বুলেঞ্চখনৰ চালকজনক নিজৰ জিম্মাত ৰাখি সোধাপোছা কৰা বুলি জানিবলৈ দিয়ে৷

RELATED ARTICLES