peepl-small

অক্ষমতাৰ প্ৰমাণপত্ৰৰে কৰিব পাৰিব ক’ভিড ভেকচিনৰ পঞ্জীয়ন

PUBLISHED:

গুৱাহাটীঃ বিশেষভাৱে সক্ষম লোকসকলক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ। সেই অনুসৰি ‘UDID Card’ অৰ্থাৎ বিশেষভাৱে সক্ষম লোকৰ পৰিচয় পত্ৰৰে গ্ৰহণ কৰিব পৰা যাব প্ৰতিষেধক।

ফটো প্ৰমাণপত্ৰ হিচাপে শীঘ্ৰে ‘Co-WIN’ত উপলব্ধ হ’ব বিশেষভাৱে সক্ষম লোকৰ প্ৰমাণপত্ৰৰ এই ব্যৱস্থা।

দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘PTI’ৰ বাতৰি অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক প্ৰতিষেধকৰ বাবে ‘UDID Card’ৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ পৰামৰ্শ দিছে স্বাস্থ্য মন্ত্ৰণালয়ে।

এই ব্যৱস্থাৰ ফলত দেশৰ অধিকাংশ বিশেষভাৱে সক্ষম লোকক ভেকচিন প্ৰদান কাৰ্যসূচীত সাঙুৰি ল’ব পৰা যাব বুলি আশা কৰা হৈছে।

RELATED ARTICLES