peepl-small

ব্রাউন ছুগাৰ–নগদ ধনসহ দুজনক গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান৷ নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে কালি মহানগৰীৰ গড়চুক আৰক্ষীয়ে অভিযান চলাই কটাহবাৰীৰ পৰা বুজন পৰিমাণৰ ব্রাউন ছুগাৰসহ দুজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী দুটা ক্রমে বিৰুবাৰীৰ বাপন বণিক (৩৬) আৰু গৰৈমাৰীৰ ছফিক আহমেদ ওৰফে ছফিক (২৩) বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰী দুটাৰ পৰা ১৬টা প্লাষ্টিকৰ কণ্টেইনাৰসহ চাৰি গ্রাম ব্রাউন ছুগাৰ জব্দ কৰে৷ তদুপৰি আৰক্ষীয়ে ধৃত ড্রাগ্ছসহ সৰবৰাহকাৰীৰ পৰা নগদ ১,৬০০ টকাৰ লগতে দুটা ম’বাইল ফোন জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে, আজাৰাৰ সহকাৰী আৰক্ষী আয়ুক্তৰ গোপন সূত্রৰ পমখেদি গড়চুক থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই কটাহবাৰীৰ পৰা বাপন বণিকক আৰক্ষীয়ে ব্রাউন ছুগাৰসহ গ্রেপ্তাৰ কৰে৷ বণিয়াক সোধা–পোছা কৰাত তেওঁ ছফিকৰ পৰা ড্রাগ্ছখিনি ক্রয় কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ পাছত আৰক্ষীয়ে বিৰুবাৰীস্থিত ছফিকৰ বাসগৃহত অভিযান চলাই ব্রাউন ছুগাৰসহ তেওঁক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গড়চুক থানাত ৩৬৪/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

RELATED ARTICLES