গুৱাহাটীঃ ধেমাজি জিলাৰ চিমেন চাপৰিত সোমবাৰে পুৱা এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চিমেন কৈৱৰ্ত গাঁৱত এটা কুঁৱাৰ মটৰ মেৰামতি কৰিবলৈ লঁওতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।
জানিব পৰামতে চিমেন কৈৱৰ্ত গাঁৱৰ নিতুল দাসৰ পানী খোৱা পকী কুঁৱাটো কেবাদিনো ধৰি
ব্যৱহাৰৰ অনুপযোগী হৈ আছিল।
কুঁৱাটোৰ পৰা পানী যোগান ধৰিবলৈ বিজুটি হৈ থকা মটৰ মেৰামতি কৰিবলৈ তললৈ নামি যায় চিমেন চাপৰিৰ নতুন ৰংপুৰীয়া গাঁৱৰ সোনাৰাম নাৰ্জাৰীৰ পুত্ৰ তথা ৰাজমিস্ত্ৰী উপেন নাৰ্জাৰী। প্ৰায় ছয়ত্ৰিশ ফুট গভীৰ কুঁৱাটোৰ অভ্যন্তৰলৈ গৈ পোৱাৰ পিছত অক্সিজেনৰ অভাৱত উপেন নাৰ্জাৰীয়ে উশাহ- নিশাহ লোৱাত কষ্ট অনুভৱ কৰে আৰু মিস্ত্ৰীগৰাকীক বিপদৰ পৰা বচাবলৈ কুঁৱাৰ মালিক নিতুল দাসেও তললৈ নামি যায়।
তেনে অৱস্থাতে দুয়োগৰাকীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।
অৱশ্যে অক্সিজেনৰ অভাৱত নে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত দুৰ্ঘটনাটো সংঘটিত হ’ল সেয়া নিশ্চিত হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ লগে লগে চিমেন চাপৰি আৰক্ষী উপস্থিত হৈ
পৰিস্থিতি বুজ লোৱাৰ পাছত জোনাই আৰু চিলাপথাৰৰ পৰা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ জোৱানে উপেন নাৰ্জাৰী(৩২) আৰু নিতুল দাস(৩০ )ৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত্যুৰ সময়ত উপেন নাৰ্জাৰীয়ে পত্নী,এজন পুত্ৰ, দুগৰাকী কন্যা সন্তান,পিতৃ, মাতৃ আৰু নিতুল দাসে পত্নী, এজন পুত্ৰ, এজনী কন্যা, মাতৃক ইহসংসাৰত এৰি থৈ গৈছে।