peepl-small

বিশ্বনাথত মাতৃত্বৰ গৌৰৱ অর্জন ক’ভিডত আক্রান্ত দুই মহিলাৰ

PUBLISHED:

গুৱাহাটী: বেয়া খবৰৰ নিৰন্তৰ স্রোতৰ মাজতে বিশ্বনাথৰ ক’ভিড হাস্পতালৰ মহিলা ৱার্ডৰ পৰা আহিছে ভাল খবৰ৷ দুগৰাকী ক’ভিড আক্রান্তই সুকলমে জন্ম দিছে দুটা কেঁচুৱা৷ এটা দিনৰ অগা–পিছাকৈ জন্মলাভ কৰা দুয়োটা শিশু বর্তমান সুস্থ৷

জানিব পৰা মতে, বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালতে যোৱা ১৮ আৰু ১৯ মে’ত ক’ভিড আক্রান্ত দুগৰাকী প্রসূতিয়ে স্বাভাৱিক প্রক্রিয়াৰে সন্তান প্রসৱ কৰে৷ প্রসৱ কালতে ক’ভিডত আক্রান্ত হোৱা  দুয়োগৰাকীক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ বিহালী ৰাংচালী গাঁৱৰ নির্মলা বাউৰি নামৰ প্রসূতিগৰাকীয়ে ১৮ মে’ত এটি পুত্র আৰু কালি   একেটা ক’ভিড ৱার্ডত  বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাৰ নিকিতা গোৱালা নামৰ প্রসূতিগৰাকীয়ে জন্ম দিয়ে এটি কন্যা৷

দুয়োগৰাকী প্রসূতিয়ে চিকিৎসালয়ত ক’ভিডৰ লগত যুঁজি থকাৰ সময়তে ডাঃ পুতুল পেগু, অধীক্ষক ডাঃ জোনালী গগৈ আৰু নার্ছসকলৰ প্রচেষ্টাত লাভ কৰে মাতৃত্ব৷ ইতিমধ্যে বিশ্বনাথৰ  চিকিৎসালয় কর্তৃপক্ষই এই দুই প্রসূতিক যথেষ্ট যত্ন লোৱা বুলি প্রকাশ কৰিছে৷

ইফালে জন্ম হোৱা সন্তান দুটি ক’ভিড আক্রান্ত নে ক’ভিড মুক্ত এতিয়াও জানিব পৰা হোৱা নাই৷ চিকিৎসকে দুদিনৰ পিছতহে নৱজাতক–জাতিকা দুটিৰ ক’ভিড টেষ্ট কৰিব৷ বিশ্বনাথৰ ক’ভিড হাস্পতালত এই জটিল সংকটৰ সময়তো দুগৰাকী ক’ভিড পজিটিভ প্রসূতিয়ে সুস্থ সন্তান জন্ম দিয়া ঘটনাই সাধাৰণ ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷

RELATED ARTICLES