peepl-small

গুৱাহাটীৰ মাজমজিয়াৰ পৰা অপহৃত বন বিভাগৰ দুই ঠিকাদাৰ

PUBLISHED:

গুৱাহাটীঃ  মেঘালয় সীমান্তৰ সংৰক্ষিত গড়ভাংগা বনাঞ্চলৰ পৰা সন্ধানহীন হৈছে বন বিভাগৰ দুজন ঠিকাদাৰ৷ বনাঞ্চলখনত গছপুলি ৰোপণৰ দায়িত্বত থকা এই দুয়োজন ঠিকাদাৰ ক্রমে মহানগৰীৰ কৃষ্ণনগৰৰ জাপৰিগোগৰ বিক্রমপুৰ পথৰ বাসিন্দা কুশল কলিতা (৪৩) আৰু নুনমাটি বিষ্ণু ৰাভা নগৰৰ জয়ন্ত কছাৰী (৪১) যোৱা ৩০ জুনৰ পৰা সন্ধানহীন হৈ আছে৷ এই সন্দর্ভত গড়চুক আৰক্ষী থানাত বন বিভাগে গোচৰ ৰুজু কৰাৰ পাছত আৰক্ষীয়ে দুয়োজন ঠিকাদাৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই৷

উল্লেখ্য যে জয়ন্ত কছাৰী হ’ল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলশালি৷ দুয়োজন ঠিকাদাৰৰ তত্ত্বাৱধানতেই যোৱা কেইবাদিনো ধৰি বনাঞ্চলখনত শ্রমিকৰ জৰিয়তে গছপুলি ৰোপণৰ কাম চলি আছিল৷ ৩০ জুনত বনাঞ্চলখনত গছপুলি ৰোপণৰ কাম কিদৰে আগবাঢ়িছে, সেয়া প্রত্যক্ষ কৰিবলৈ যোৱা দুয়োজন ঠিকাদাৰ হঠাৎ সন্ধানহীন হৈ পৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ উক্ত দিনা শ্রমিকক মজুৰি দিবলৈ নগদ ধন লৈ বনাঞ্চলখনলৈ যোৱা ঠিকাদাৰ দুজনে বনাঞ্চলখনত একাংশ লোকৰ পৰা পাচলি ক্রয় কৰিছিল৷ কিন্তু সন্ধিয়াৰ ভাগত বনাঞ্চলখনৰ পৰা শ্রমিকসকল উভতি অহাৰ বিপৰীতে ঠিকাদাৰ দুজন উভতি নহাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷

আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি যোৱা ৩০ জুনৰ বিয়লি ২.৩০ বজাত এ এছ–০১ এ জি–৪১৯৪ নম্বৰৰ মটৰচাইকেলেৰে বনাঞ্চলখনৰ ভিতৰৰ বৰপানী নামৰ অঞ্চলটোলৈ গৈছিল জয়ন্ত কছাৰী আৰু কুশল কলিতা৷ তাত গছপুলি ৰোপণকার্যত জড়িত এটা শিবিৰত দুয়োজনে শ্রমিকৰ সৈতে বিভিন্ন কথা পতাৰ লগতে মজুৰি প্রদান কৰি বিয়লি প্রায় ১৪ কিলোমিটাৰ নিলগৰ লখৰালৈ উভতি আহিছিল৷ কিন্তু ওভতাৰ পথতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছে৷ ঘটনাক লৈ আৰক্ষীয়ে সমগ্র দিশ অনুসন্ধান কৰি থকাৰ সময়তে সন্ধানহীন এজনৰ ঘৰলৈ অহা এটা ফোনক’লে সমগ্র বিষয়টো অধিক জটিল কৰি তুলিছে৷

জয়ন্ত কছাৰীৰ পৰিয়ালৰ সদস্যলৈ এজন অচিনাক্ত ব্যক্তিয়ে ফোন কৰি দুয়োজনৰে মুক্তিপণ হিচাপে এক কোটি টকা দাবী কৰিছে৷ এই সন্দর্ভত আৰক্ষীক পৰিয়ালৰ লোকে সকলো তথ্য অৱগত কৰিছে যদিও ধন দাবী কৰা লোকজনৰ সন্দর্ভত কোনো শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ আন এক সূত্রই প্রকাশ কৰা অনুসৰি গড়ভাংগা বনাঞ্চলৰ পৰা দুয়োজনকে মেঘালয়ৰ উগ্রপন্থীয়ে অপহৰণ কৰাৰ সম্ভাৱনা আছে৷ সমগ্র বিষয়টোক অধিক ৰহস্যজনক কৰি তুলিছে পৰিয়াললৈ অহা ফোনক’লে৷

ইফালে গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কার্যালয় আৰু গড়চুক থানাই সন্ধানহীন হৈ পৰা দুয়োজনৰে সন্ধানত কালি সমগ্র দিনটো সন্ধান চলোৱাৰ লগতে আজিও বনাঞ্চলখনত মেঘালয় সীমান্ত পর্যন্ত অভিযান চলোৱা হয়৷ কিন্তু দুটা দিন উকলি যোৱাৰ পাছতো অপহূত দুজনৰ কোনো শুংসূত্র লাভ কৰা নাই আৰক্ষীয়ে৷ ঘটনা প্রসংগত আজি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই দুয়োজনৰ অচিৰেই সন্ধান লাভ কৰিব বুলি মন্তব্য কৰিছে৷ এইক্ষেত্রত আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে৷

RELATED ARTICLES