peepl-small

গুৱাহাটী ক্লাবত পথত জাবৰ পেলোৱা দুজনক গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ অন্যতম সমস্যা হিচাপে বিবেচিত হোৱা কৃত্রিম বান নিয়ন্ত্রণৰ লগতে ৰাজ্যৰ ৰাজধানী চহৰখন পৰিষ্কাৰ–পৰিচ্ছন্ন ৰখাৰ বাবে গুৱাহাটী পৌৰ নিগমে প্রচেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ নলা–নর্দমা নিষ্কাশন আৰু নিয়মীয়াকৈ জাবৰ সংগ্রহ কৰাৰ ওপৰত পৌৰ নিগমে গুৰুত্ব আৰোপ কৰাৰ লগতে জধেমধে পথৰ দাঁতিত জাবৰ নেপেলাবলৈ মহানগৰবাসীক আহ্বান জনাই আহিছে৷ আনকি পথৰ দাঁতিত জাবৰ পেলাই পৰিৱেশ বিনষ্ট কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ সৌন্দর্যবর্ধনত ব্যাঘাত জন্মোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ কথা ঘোষণা কৰে৷ একে সময়ত ক’ৰোনা মহামাৰীৰ সময়ছোৱাত কোনো লোকে যাতে পথৰ দাঁতিত জাবৰ পেলাই মহানগৰবাসীৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিব নোৱাৰে তাৰ বাবে জি এম চি কর্তৃপক্ষই মহানগৰবাসীক আহ্বান জনাইছে৷

কিন্তু পৌৰ নিগমৰ আহ্বানক অংগুষ্ঠ প্রদর্শন কৰি একাংশ অসাধু লোকে নিশাৰ ভাগত কোনো নথকাৰ সুযোগ লৈ পথৰ ওপৰত জাবৰ পেলাই পৰিৱেশ বিনষ্ট কৰিছে৷ যি সময়ত মহানগৰীক কৃত্রিম বানৰ পৰা মুক্ত কৰিবলৈ জি এম চিয়ে দিন–ৰাতি একাকাৰ কৰি জাৱৰ নিষ্কাশন আৰু নলা–নর্দমা পৰিষ্কাৰ কৰি আছে, সেই সময়তে পথত জাবৰ পেলাই পৰিৱেশ বিনষ্ট কৰা লোকসকলৰ বিৰুদ্ধে জি এম চি কর্তৃপক্ষই কঠোৰ স্থিতি গ্রহণ কৰিছে৷ কালি নিশা মহানগৰীৰ গুৱাহাটী ক্লাবৰ বি বৰুৱা উৰণীয়া সেতুৰ সমীপত ম্যাদ উকলি যোৱা ঔষধ আৰু ৰোগীৰ দেহত ব্যৱহাৰ কৰা চিৰিঞ্জ আদি পেলাবলৈ অহাত জি এম চিয়ে দুজন লোকক হাতে–লোটে কৰায়ত্ত কৰাৰ লগতে জাবৰ কঢ়িয়াই অনা এ এছ ০১ এম বি ৮৮৮৭ নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে৷ আটকাধীন লোক দুজন হেদায়েৎপুৰৰ শ্বাহজালাল শেইখ আৰু অহিদুৰ আলী বুলি জানিব পৰা গৈছে৷

ইপিনে ঘটনা সন্দর্ভত জি এম চিৰ অভিযন্তা খেদ্যুত গগৈয়ে লতাশিল থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৬৯/২৭০/২৭৮ আৰু আৰ ডব্লিউ ধাৰা ৩৪ৰ অধীনত ১৯৪/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত লোক দুজনক গ্রেপ্তাৰ কৰিছে৷ পৰৱর্তী সময়ত কোনো লোকে যদি পথৰ দাঁতিত জাবৰ পেলাই পৰিৱেশ বিনষ্ট কৰে, সেইসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি পৌৰ আয়ুক্ত দেৱাশিষ শর্মাই জানিবলৈ দিছে৷

RELATED ARTICLES