peepl-small

আলফাৰ শিবিৰত অপহৰণৰ ঘটনাক্রমকলৈ কিতাপ লিখিছে কুইপ’ৰ দুই বিষয়াই

PUBLISHED:

গুৱাহাটীঃ আপুনি জানি হয়তো আচৰিত হ’ব যে পৰিয়ালৰ লগতে সমগ্র অসমবাসীয়ে অধীৰ আগ্রহেৰে মুক্তিৰ ক্ষণলৈ অপেক্ষা কৰি থকা অপহৰণৰ ইতিমধ্যে তিনি মাহ অতিক্রম কৰা কুইপ’ৰ অপহৃত দুই বিষয়াই আলফাৰ শিবিৰত থাকি কিতাপ লিখি আছে৷ অপহৰণ কাণ্ডৰ পাছৰ প্রতিটো শিহৰণকাৰী ঘটনাৰ লগতে অজ্ঞাত স্থানত থকা আলফাৰ শিবিৰত কটোৱা প্রতিটো ক্ষণৰ অভিজ্ঞতাৰ কথা তেওঁলোকৰ ইচ্ছা অনুযায়ী লিখি আছে৷

এই কথা সদৰী কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ তেওঁলোকক কেৱল আলফাৰ কেতবোৰ গোপনীয়তা উল্লেখ নকৰিবলৈ কোৱা হৈছে বুলি ‘নিয়মীয়া বার্তা’ক অৱগত কৰি সেনাধ্যক্ষগৰাকীয়ে প্রকাশ কৰে যে যথাসম্ভৱ এপষেকৰ ভিতৰতে এই কার্য সমাপন কৰি কুইপ’ৰ বিষয়াদ্বয় নিজ নিজ গৃহলৈ যাত্রা কৰিব৷

অপহৃত কুইপ’ৰ বিষয়া প্রণৱ কুমাৰ গগৈয়ে অসমীয়াত লিখাৰ বিপৰীতে ৰাম কুমাৰে হিন্দীত তেওঁলোকৰ নিজ অভিজ্ঞতাৰ পাছত হোৱা অনুভৱবোৰ কিতাপ আকাৰে লিখি আছে৷ কিতাপ দুখনত আলফাৰ জিম্মাত থকা সময়ছোৱাৰ যথাসম্ভৱ সকলো কথা সামৰি লোৱাৰ লগতে আলফাৰ শিবিৰৰ খোৱা–বোৱা, সদস্যসকলৰ জীৱন শৈলী আদি বহু অকথিত মনপৰশা ঘটনাই স্থান লাভ কৰিব৷

ইফালে অপহৰণৰ সময়ৰ পৰা অপহৃত বিষয়াদ্বয়ৰ সৈতে আলফা সৈনিকসকলৰে হোৱা বিভিন্ন বিষয়ৰ কথোপকথন, তেওঁলোকক প্রদর্শন কৰা মর্যাদা–সন্মান আদিৰ বিষয়েও উল্লেখ কৰি আলফাৰ সন্দর্ভত বহু কথাই উন্মোচিত হ’ব৷ নিতৌ কাগজ–কলম লৈ আলফা শিবিৰত লিখা–মেলাতেই ব্যস্ত হৈ থকা কুইপ’ৰ বিষয়াদ্বয়ৰ প্রস্তাৱিত কিতাপ দুখনৰ নাম কি হ’ব এইপর্যন্ত নিশ্চিত কৰা নাই৷

উল্লেখ্য যে বিগত বর্ষৰ ২১ ডিচেম্বৰত অৰুণাচলৰ ডায়ুনৰ খাদত কর্তব্যৰত দিল্লীৱালা তৈল খনন প্রতিষ্ঠান কুইপ’ৰ দুই বিষয়া ক্রমে শিৱসাগৰৰ প্রণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰেডি’ অপাৰেটৰ ৰাম কুমাৰক আলফা–এন এছ চি এন (কে)ৰ এটা সশস্ত্র দলে অপহৰণ কৰিছিল৷ ইয়াৰ পাছতে অপহৃত বিষয়াদ্বয়ৰ পৰিয়ালৰ লগতে বিভিন্ন দল–সংগঠন–বিশিষ্ট ব্যক্তিৰ কাতৰ আহ্বানৰ প্রতি সঁহাৰি জনাই আলফাই চৰম শাস্তিৰ কথা ঘোষণা কৰিও স্থগিত ৰাখে৷

পৰৱর্তী সময়ত মধ্যস্থতাকাৰীৰ যোগেদি আলফা আৰু কুইপ’ৰ মাজত বিষয়টো মীমাংসা হয়৷ এইক্ষেত্রত আলফাৱ সেনাধ্যক্ষ পৰেশ বৰুৱাই ব্যক্ত কৰা মতে অসমৰ জনগণৰ স্বার্থত আমি জনোৱা দাবীৰ প্রতি কুইপ’ৰ তৰফৰ পৰা সন্মানজনক সঁহাৰি ইতিমধ্যে লাভ কৰা হৈছে৷ ইফালে আলফাৰ দৰে এটা বিদ্রোহী সংগঠনৰ শিবিৰত থাকি নিজ অপহৰণ কালৰ গ্রন্থ লিখা অপহূত প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ নিজ গৃহলৈ আহি পোৱাৰ ক্ষণলৈ বাট চাই আছে মাহৰ পাছত মাহ দিন ধৰি বিনিদ্র ৰজনী কটোৱা পৰিয়াল দুটাই৷

উৎসঃ নিয়মীয়া বাৰ্তা

RELATED ARTICLES