গুৱাহাটী: আজি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিমাপুৰ অভিমুখী এখন চিমেণ্ট ভৰ্ত্তি AS 01LC2466 বাৰ চকীয়া ট্ৰাক আৰু DL3S E6304 স্কুটিৰ মাজত মাজত মুখামুখি সংঘৰ্ষৰ ফলত ট্ৰাকখন আৰু স্কুটীখন সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হয় ৷
ঘটনাস্থলীতে এজন স্কুটি আৰোহী ভস্মীভূত হোৱাৰ লগতে আনজন স্থানীয় চিকিৎসালয়ত মৃত্যু হয় ৷
স্কুটী আৰোহী দুজন শিলনীজানৰ দুৰ্জা বাহাদুৰ ৰেংগমী (৫২) বলোৰাম গুৱলা (৩৫) বুল জানিব পৰা গৈছে ৷
পৰবৰ্তী সময়ত সৰুপথাৰ গোলাঘাট বোকাজানৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷