peepl-small

ষটপূজাঃ গুৱাহাটীত যান–বাহন চলাচল কৰা পথৰ সালসলনি, নীতি-নিৰ্দেশনা

PUBLISHED:

গুৱাহাটীত ষট পূজাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে নীতি-নিৰ্দেশনা।

পথ নিৰ্দেশনাসমূহ-

-ভক্তসকলে ষট্পূজাৰ ঘাটলৈ কোনোধৰণৰ বাহন নিব নোৱাৰিব৷ ভক্তসকলে এম জি ৰোডৰ এপ’ল’ পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্টলৈ বাহনসমূহ ৰাখিব পাৰিব৷
– ভৰলুমুখৰ পৰা পাণবজাৰ, চানমাৰিৰ দিশেৰে অহা চিটীবাছসমূহ এপ’ল’ পইণ্ট হৈ এইচ বি ৰোড, টি আৰ পি ৰোড অথবা এ টি ৰোডেৰে অহা–যোৱা কৰিব পাৰিব৷ এই চিটীবাছসমূহ নবীন বৰুৱা হল পইণ্টৰ পৰা বাঁও দিশেৰে এফ চি ৰোড, তৈয়বুল্লা ৰোড আৰু জি এন বি ৰোড হৈ চলাচল কৰিব লাগিব৷
– চানমাৰিৰ পৰা পাণবজাৰ, ভৰলুমুখ আৰু জালুকবাৰী দিশেৰে চলাচল কৰা চিটীবাছসমূহ টিচি পইণ্ট হৈ জিলা পুথিভঁৰাল, আৰ বি আই পইণ্ট, ৱেছিছ পইণ্ট হৈ চলাচল কৰিব পাৰিব৷ এই চিটীবাছসমূহ পাণবজাৰ অভাৰব্রীজৰ পৰা বাঁওদিশে গৈ এ টি ৰোড হৈ আঠগাঁও ফ্লাইভাৰ হৈ ভৰলুমুখ আৰু জালুকবাৰী দিশেৰে চলাচল কৰিব লাগিব৷
– টিচি পইণ্ট হৈ জি এন বি ৰোডেৰে পাণবজাৰ, ফাঁচীবজাৰ দিশেৰে অহা লঘু যান–বাহনসমূহ জিলা পুথিভঁৰাল, কে এল বি ৰোড আৰু এইচ বি ৰোডেৰে চলাচল কৰিব লাগিব৷
-উজানবজাৰ, লতাশিলৰ পৰা ভৰলুমুখ দিশেৰে অহা লঘু যান–বাহনসমূহ বি চি ৰোড, তৈয়বুল্লা ৰোড আৰু জি এন বি ৰোডেৰে চলাচল কৰিব লাগিব৷
– খানাপাৰাৰ পৰা ভৰলুমুখ–জালুকবাৰ্ দিশেৰে অহা চিটীবাছসমূহ এ টি ৰোডৰ পৰা পাণবজাৰ হৈ চলাচল কৰিব লাগিব৷
– আন্তঃজিলাৰ পৰা চলাচল কৰা বাছ, এ এছ টি চি বাছকে ধৰি গধুৰ যান–বাহন উক্ত দিনা জালুকবাৰীৰ পৰা মহানগৰীৰ ভিতৰলৈ চলাচল কৰিব নোৱাৰিব৷ সকলোধৰণৰ যান–বাহন জালুকবাৰীৰ পৰা ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে চলাচল কৰিব লাগিব৷
-২০ নৱেম্বৰৰ দিনা লখৰা, গড়চুক, ছয়মাইল হৈ ট্রাকসমূহ চলাচল কৰিব নোৱাৰিব৷

পার্কিং
– ভৰলুমুখ দিশৰ পৰা অহা ভক্তসকলে অনা যান–বাহনসমূহ এম জি ৰোডৰ এপ’ল’ পইণ্টৰ পৰা এফ এ ৰোড আৰু এম জি ৰোডৰ ক্র’চিং, টি আৰ পি ৰোড, লক্ষী গলি, এম এছ ৰোড, চেম্বার্ছ ৰোড আৰু এছ আৰ চি বি ৰোডত পার্কিং কৰিব লাগিব৷
– সোণাৰাম হাইস্কুল ঘাটলৈ অহা ভক্তসকলে খেলপথাৰৰ ভিতৰত বাহনসমূহ পার্কিং কৰিব পাৰিব৷

ন’ পার্কিং
-২০ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা এ টি ৰোডৰ ভৰলুমুখৰ পৰা পাণবজাৰ অভাৰব্রীজৰ দক্ষিণ পইণ্টলৈ ন–পার্কিং৷
– এম এল এন ৰোড, এ আৰ বি ৰোড, এছ আৰ চি বি ৰোড আৰু এইচ বি ৰোড, টি আৰ পি ৰোড পার্কিঙত কোনোধৰণৰ বাহন পার্কিং কৰিব নোৱাৰিব৷
– ২০ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা টি আৰ পি ৰোড, লক্ষী গলি, চেম্বার্ছ ৰোড, কেদাৰ ৰোড, এছ আৰ চি বি ৰোড, এম এছ ৰোডকে ধৰি অন্যান্য পথত ট্রাক পার্কিং কৰিব নোৱাৰিব৷

RELATED ARTICLES