গুৱাহাটী: শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলা হ’ব। ইয়াৰ আৰম্ভণি হিচাপে আজি ৰাজ্য চৰকাৰে নতুন এছঅ’পি দ্বাৰা এক নতুন নিৰ্দেশনা প্ৰকাশ কৰে। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰিছে।
লগতে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে সেই অনুসৰি অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়, জিএনএম, নাৰ্চিং পাঠ্যক্ৰম আৰু এৰোনটিকেল ইঞ্জিনিয়াৰিং কলেজৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সৈতে আৰম্ভ কৰাৰ অনুমতি দিছে।
Also Read: India wins 2nd cricket test match at Lord’s