peepl-small

TIMES NOW – C VOTERৰ সমীক্ষা ! ‘অসমত পুনৰ হ’ব বিজেপি চৰকাৰ’

PUBLISHED:

গুৱাহাটীঃ অসম বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ মাজত মাথোঁ দুদিন৷ তুংগত উঠা প্রচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথোঁ কেইঘণ্টামান বাকী৷ এনে সময়তে বুধবাৰে কেইবাটাও ৰাষ্ট্রীয় সংবাদ মাধ্যমে ৰাজ্যৰ বিধানসভা নির্বাচনৰ অপিনিয়ন পল–২০২১ প্রকাশ কৰিছে৷ অপিনিয়ন পল অনুসৰি অসমত পুনৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁট তথা এন ডি এ চৰকাৰ হ’ব৷ যোৱা ফেব্রুৱাৰী মাহত এবিপি চি ভোটাৰৰ প্রাক্নির্বাচনী সমীক্ষাত বিজেপি নেতৃত্বাধীন এন ডি এই ৭২খন আসন লাভ কৰি পুনৰ অসমত শাসনৰ গাদীত অধিষ্ঠিত হ’ব বুলি প্রকাশ কৰাৰ পাছত নির্বাচনৰ প্রচাৰ অভিযান তুংগত থকাৰ সময়তে ২৩ মার্চলৈকে অপিনিয়ন পলত পুনৰ এন ডি এ চৰকাৰ হ’ব বুলি প্রকাশ কৰিছে৷ ২৩ মার্চলৈকে চলোৱা প্রাক্নির্বাচনী সমীক্ষাত ইণ্ডিয়া টিভি–জন কী বাটে এন ডি এই ৭৩, ইউ পি এই ৫৩ আৰু অন্যান্যক এখনো আসন প্রদান কৰা নাই৷

 

 

১২৬জনীয়া বিধানসভা সমষ্টিত এন ডি এই ৭৩খন আসনেৰে পুনৰ ক্ষমতাত অধিষ্ঠিত হ’ব বুলি প্রকাশ কৰিছে৷ আনপিনে টাইমছ নাও চি ভোটাৰে প্রচাৰ কৰা অপিনিয়ন পলত এন ডি এই ৬৮, ইউ পি এই ৫৬ আৰু অন্যান্যই ২খন৷ তেনেদৰে অংকিত শর্মা–বিশ্ববিদ্যালয় পলত এন ডি এই ৭২, ইউ পি এই ৫২ আৰু অন্যান্যই ২খন আসন লাভ কৰিব৷ এই তিনিটা প্রতিষ্ঠানৰ সমীক্ষা মতে অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ পুনৰ হ’ব৷

আনহাতে, টাইমছ ডেমক্রেচীয়ে প্রকাশ কৰা মতে, এন ডি এই ৬১, ইউ পি এই ৬৫খন আসন লাভ কৰিব৷ অর্থাৎ টাইমছ ডেমক্রেচীৰ মতে এন ডি এ চৰকাৰ পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাটো জটিল হ’ব৷ ইপিনে, যোৱা ২৩ মার্চত চিন্তামণিয়ে প্রকাশ কৰা তথ্য মতে, বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ৮০–৯০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছ মহাজোঁটে ৪০–৫০ আৰু অন্যান্যই ৫–১০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷

ইকনমিকছ টাইমছত প্রকাশ পোৱা তথ্য মতে, বিজেপিৰ আদর্শ গুৰু আৰ এছ এছে বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ৮০খন আসন লাভ কৰিব৷

মন কৰিবলগীয়া যে ৰাজ্যখনত বিধানসভা নির্বাচন তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়ত অহা ২৭ মার্চত ৪৭খন আসন, দ্বিতীয় পর্যায় ১ এপ্রিলত ৩৯খন আসন আৰু তৃতীয় তথা অন্তিম পর্যায় ৬ এপ্রিলত ৪০খন আসনত ভোটগ্রহণ হ’ব৷ ২ মে’ত ফলাফল ঘোষণা কৰা হ’ব৷ গুৰুত্বপূর্ণ যে অসমৰ বিধানসভা নির্বাচন উজনি অসম আৰু নামনি অসম, দক্ষিণ অসম আৰু পাহাৰ আৰু বৰাক উপত্যকা হিচাপে বিভক্ত কৰা হৈছে৷ ৰাজ্যখনৰ ৰাজনীতিত উজনি অসমৰ ভূমিকা অতিকে গুৰুত্বপূর্ণ৷ এনে পৰিপ্রেক্ষিতত প্রথম পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ৪৭ সমষ্টিৰ নির্বাচনী ফলাফল সকলো ৰাজনৈতিক দলৰ বাবে অতিকে গুৰুত্বপূর্ণ বুলি চর্চিত হৈ আছে৷

আনহাতে, পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপিয়ে শাসনৰ গাদীলৈ আহিব পাৰিব নে নোৱাৰিব, মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পুনৰ ক্ষমতাত অধিষ্ঠিত হ’ব পাৰিব নে নোৱাৰিব, তাক লৈ অপিনিয়ন পলত স্পষ্ট হোৱা নাই৷ ২৯৪জনীয়া বিধানসভা নির্বাচন ২৭ মার্চত আৰম্ভ হৈ ২৯ এপ্রিলত সামৰণি পৰিব৷ আঠটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নির্বাচনত বিজেপিয়ে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছক উৎখাত কৰাৰ বাবে সর্বশক্তি প্রয়োগ কৰিছে৷ বুধবাৰে প্রকাশ কৰা অপিনিয়ন পল অনুসৰি পিপলছ প্লাছৰ সমীক্ষাত বিজেপিয়ে ১৬৩, টি এম চিয়ে ৯৫, বাঁওপন্থীয়ে ১৬, চি ভোটাৰৰ সমীক্ষাত বিজেপিয়ে ১৭২, টি এম চিয়ে ১৬০, বাঁওপন্থীয়ে ২২, চি এন এক্সৰ সমীক্ষাত বিজেপিয়ে ১৩৫, টি এম চিয়ে ১৪১, বাঁওপন্থীয়ে ১৮ আসন লাভ কৰিব৷ এই তিনি সংস্থাৰ গড় হিচাপত বিজেপিয়ে ১৪৩ আৰু টি এম চিয়ে ১৩৩ আসন লাভ কৰিব৷ এনে হ’লে কোনো এটা দলেই চৰকাৰ গঠন কৰিবৰ বাবে প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ নকৰিব৷

RELATED ARTICLES