peepl-small

বৃহস্পতিবাৰে ক’ভিডত মৃত্যু ৮৩জনৰঃ আক্রান্ত ৫,৭০৪

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ হ্রাস পালেও কমা নাই মৃত্যু হোৱা লোকৰ সংখ্যা৷ বৃহস্পতিবাৰে ৰাজ্যত পুনৰ ক’ভিডত আক্রান্ত হৈ ৮৩জন লোকৰ মৃত্যু ঘটিছে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ১৭জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি বৰপেটা, কাছাৰ আৰু তিনিচুকীয়াৰ ৮জনকৈ লোকৰ আজি ক’ভিডত বিয়োগ ঘটিছে৷ একেদৰে ডিব্রুগড় ৭জন, যোৰহাটৰ ৫জন, কামৰূপৰ ৪জন, নগাঁও–ওদালগুৰিৰ ৩জনকৈ, বাক্সা–বঙাইগাঁও–ধুবু ২জনকৈ, বিশ্বনাথ–গোৱালপাৰা আংলং–দক্ষিণ শালমাৰা–নলবাৰীৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫,৭০৪জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৫৬৯জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি ডিব্রুগড়ৰ ৫২৮, কাছাৰৰ ৪৪৮জন আৰু নগাঁৱৰ ৩৯৩জন লোক ক’ভিডত আক্রান্ত হৈছে৷ আজিৰ দিনটোত মুঠ ১,১৯,৪৪১টা নমুনা পৰীক্ষা সম্পন্ন কৰা হয়৷ আক্রান্তৰ হাৰ ৪.৭৮ শতাংশলৈ হ্রাস পাইছে৷ ইপিনে আজি ক’ভিডৰ পৰা সুস্থ হৈছে ৪,৭৮৪জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ৫৩,৭২১জন লোক৷ ইফালে, ক’ভিডত আক্রান্ত হৈছে সাংসদ ভূৱনেশ্বৰ কলিতা৷ সম্প্রতি তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে৷

লখিমপুৰত ভাতৃ–ভগ্ণীৰ মৃত্যু

লখিমপুৰ নগৰৰ সমীপৰ বাহাদুৰ চুকত এদিনৰ অগা–পিছাকৈ এহাল ভাতৃ–ভগ্ণীৰ মৃত্যু হোৱা ঘটনাই সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে৷ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে হেমচন্দ্র দত্তৰ পুত্র কুকিল দত্ত (২৫) আৰু কন্যা পূবালী দত্তৰ (২১)৷ যোৱা ১৫ মে’ত কুকিলৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰাত স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ পৰৱর্তী সময়ত তেওঁ ক’ভিড নিগেটিভ হয় যদিও চিকিৎসাধীন অৱস্থাতে কালি মৃত্যু ঘটে৷ আজি তেওঁৰ ভগ্ণী পূবালী দত্তৰো গুৱাহাটীৰ জি এন আৰ চিত মৃত্যু হয়৷ আনহাতে, তেওঁলোকৰ মাতৃ বিজু দত্তৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ দুমাহ পূর্বে লখিমপুৰ জিলাৰ বিদেশী ন্যায়াধিকৰণত কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰিছিল কুকিল দত্তই৷ তেওঁৰ ভগ্ণী পূবালী আছিল নার্ছিং পাঠ্যক্রমৰ তৃতীয় ষণ্মাসিকৰ ছাত্রী৷

তামুলপুৰৰ বিধায়ক ক’ৰোনাত আক্রান্ত

তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়ো ক’ভিডত আক্রান্ত হৈছে৷ তামুলপুৰ প্রাথমিক চিকিৎসালয়ত কৰা ৰেপিড এণ্টিজেন টেষ্টত বিধায়কজনৰ শৰীৰত ক’ভিড সংক্রমণ ধৰা পৰে৷ তেওঁৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱা বাবে সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কার্যবাহী সদস্য ধর্মনাৰায়ণ দাস, এম চি এল এ হেমন্ত কুমাৰ ৰাভাকে ধৰি বিভিন্ন দল–সংগঠনৰ লগতে শুভাকাংক্ষীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে৷

ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ’ব ৫০০ চিকিৎসকঃ কেশৱ মহন্ত

ৰাজ্যত অচিৰেই নিযুক্তি দিয়া হ’ব ৫০০ নতুন চিকিৎসক৷ আজি এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি গোলাঘাটত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রীগৰাকীয়্ সংবাদ মাধ্যমৰ আগত কয় যে নতুনকৈ চিকিৎসক নিযুক্তিৰ লগতে নিয়মীয়া চিকিৎসকৰ নিযুক্তিৰ প্রক্রিয়াও শীঘ্রে আৰম্ভ কৰা হ’ব৷ নতুনকৈ নিযুক্তিপ্রাপ্ত চিকিৎসকসকলে গ্রামাঞ্চলত অনুশীলন কৰাৰ লগতে ক’ভিডৰ সময়ছোৱাত ক’ভিড কেয়াৰ চেণ্টাৰত পালন কৰিব লাগিব দায়িত্ব৷ ইফালে স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ক’ভিডৰ তৃতীয় ঢ়ৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু চৰকাৰ৷ ইয়াৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰীভাৱে গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘বিশেষজ্ঞসকলে ক’ভিডৰ তৃতীয় ঢ়ৌত শিশুসকল আক্রান্ত হ’ব বুলি আশংকা প্রকাশ কৰিছে৷ সেয়েহে ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইতিমধ্যে শিশুৰ বাবে আই চি ইউ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ গোলাঘাটত নির্মাণ হ’ব ১০খন শিশুৰ আই চি ইউ বিছনা৷’

ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনত উপস্থিত হোৱা মন্ত্রী মহন্তই ক’ভিড হাস্পতালসমূহত চলি থকা বর্তমানৰ সমস্যাসমূহ শীঘ্রে সমাধান হ’ব বুলি উল্লেখ কৰে৷ তেওঁ গোলাঘাটৰ ক’ভিড হাস্পতালখন অধিক উন্নত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও আশ্বাস দিয়ে৷ ইপিনে শিশুৰ বাবে আই চি ইউ নির্মাণৰ কাম ১০ দিনৰ ভিতৰত সম্পূর্ণ হ’ব বুলি মন্তব্য কৰি তেওঁ কয়– ‘চিকিৎসালয়খনত আই চি ইউৰ সংখ্যা ৩৪লৈ বৃদ্ধি কৰা হ’ব৷ আনহাতে, সান্ধ্য আইনৰ সময়ছোৱাত কোনো লোকক ক’ভিড কেয়াৰ চেণ্টাৰ অথবা ক’ভিড হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্রদান কৰিলে তেওঁলোকক স্বাস্থ্য বিভাগ অথবা জিলা প্রশাসনে ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ ক’ভিড হাস্পতাল পৰিদর্শন কৰাৰ পাছতে স্বাস্থ্যমন্ত্রী মহন্তই জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত এখন সভাত অংশগ্রহণ কৰে৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো এই সভাখনত উপস্থিত থাকে৷

দিল্লীত হোৱাইট ফাংগাছত আক্রান্ত ৰোগীৰ ক্ষুদ্রান্ত্রত ছিদ্র

কালান্তক ক’ভিড–১৯ৰ সংক্রমণৰ সমান্তৰালকৈ হোৱাইট ফাংগাছৰ আতংকই ঘেৰি ৰাখিছে দেশবাসীক৷ বিহাৰৰ পাছত নতুন দিল্লীত হোৱাইট ফাংগাছত আক্রান্ত ৰোগী ধৰা পৰিছে৷ ৰোগী ধৰা পৰাই নহয়, এই মাৰাত্মক হোৱাইট ফাংগাছত আক্রান্ত হোৱা এগৰাকী মহিলা ৰোগীৰ পেটৰ ভিতৰত অংগ বিকল হৈ পৰিছে৷ বিশ্বৰ প্রথমগৰাকী ৰোগীৰ হোৱাইট হাউছত আক্রান্ত হোৱাৰ পাছত ক্ষুদ্রান্ত্রত ছিদ্র ধৰা পৰিছে৷ নতুন দিল্লীৰ গাংগাৰাম হাস্পতালত এগৰাকী মহিলা ৰোগী হোৱাইট ফাংগাছত আক্রান্ত হোৱাৰ পাছত মহিলাগৰাকীৰ খাদ্য নলী, ক্ষুদ্রান্ত্র আৰু বৃহদান্ত্রত ছিদ্র ধৰা পৰিছে৷ তথ্য মতে, যোৱা ১৩ মে’ত ৪৯ বছৰীয়া মহিলা এগৰাকী পেটৰ তীব্র বিষ আৰু কোষ্ঠকাঠিন্য–বমিত ভোগাৰ পাছত দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হয়৷ মহিলাগৰাকীৰ চিটি স্ক্রেনকে ধৰি বিভিন্ন পৰীক্ষাৰ অন্তত চিকিৎসকে হোৱাইট ফাংগাছত আক্রান্ত হোৱা বুলি নিশ্চিত হয় আৰু এই মাৰাত্মক ফাংগাছটোত আক্রান্ত হোৱাৰ পাছত মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰে৷ উল্লেখ্য যে কর্কট ৰোগত আক্রান্ত মহিলাগৰাকী কিছুদিন পূর্বে কেম’ থৰাপী লৈছিল৷ চিটি স্ক্রেনত ফাংগাছটোত আক্রান্ত হোৱাটো নিশ্চিত হোৱাৰ লগে লগে হাস্পতালখনৰ চিকিৎসকৰ দল এটাই জৰুৰীকালীনভাৱে অস্ত্রোপচাৰ কৰে৷

RELATED ARTICLES