peepl-small

কিয় কংগ্ৰেছ এৰিলে অজন্তা নেওগে, নিজে ব্যক্ত কৰিলে এই তিনিটা মুখ্য কাৰণ…

PUBLISHED:

গুৱাহাটীঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ পিছৰে পৰাই কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ বিজেপি গমনৰ বিষয়টো স্পষ্ট হোৱাৰ পিছত বহুতৰ মাজত প্ৰশ্ন হৈছিল কিয় কংগ্ৰেছ এৰিলে তিনিবাৰৰ মন্ত্ৰী নেওগে। এই প্ৰশ্নৰ উত্তৰ নিজে দিলে নেওগে। অজন্তা নেওগে নিউজ লাইভৰ আগত উল্লেখ কৰা মতে তেওঁ এই ৩টা কাৰণত এৰিলে কংগ্ৰেছ-

(১) কংগ্ৰেছত বহু নেতা আছে, কিন্তু দলটোক নেতৃত্ব দিবলৈ সক্ষম হোৱা নাই। ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা অসমৰ ৰাজ্যিক পৰ্যায়তে হওক, সুস্থ নেতৃত্ব দিব পৰা নেতাৰ অভাৱ।

(২) দলটোত চলা লবীকেন্দ্ৰিক ৰাজনীতি। লবীৰ হেঁচাত তৃণমূল কৰ্মীৰ মাজত সৃষ্টি হৈছে হতাশা। নেতাৰ পৰা পালিনেতাৰ নিজা নিজা আছে লবী।

(৩) নেওগৰ মতে প্ৰত্যাহ্বান গ্ৰহণ কৰি যুঁজ কৰাৰ সলনি এ আই ইউ ডি এফৰ দৰে এটা সাম্প্ৰদায়িক দলৰ বোকোচাত উঠিবলৈ গৈছে কংগ্ৰেছ। যিটো এক আত্মঘাতী প্ৰক্ৰিয়া বুলি ভাবে নেওগে। এই আত্মসমৰ্পণে তেওঁৰ লগতে বহু তৃণমূল কৰ্মীক হতাশ কৰিছে।

ইয়াৰ লগতে নেওগে উল্লেখ কৰে যে কংগ্ৰেছ দলে ক’লৈ গৈ আছে, তেওঁলোকে নিজেই নাজানে।

RELATED ARTICLES