peepl-small

বিশ্ব ৰেকৰ্ডঃ পতিৰ উচ্চতা তিনি ফুট, পত্নীৰ পাঁচ ফুট

PUBLISHED:

গুৱাহাটীঃ প্ৰেম-ভালপোৱাৰ ওচৰত উচ্চতা, জাতি, ধৰ্ম, বৰ্ণ সকলো গৌণ। সেই কথা যুগে-যুগে প্ৰমাণিত হৈ আহিছে। পিছে প্ৰেমৰ এই চিৰন্তন শক্তিক প্ৰমাণ কৰাই নহয়, বিশ্ব অভিলেখো ৰচিছে এক দম্পতীয়ে। গীনিজ ৱৰ্ল্ড্ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ইংলেণ্ডৰ পতি-পত্নীহালৰ উচ্চতাৰ ব্যৱধান প্ৰায় দুই ফুট।

জেমছ্ নামৰ লোকজনৰ উচ্চতা তিনি ফুট সাত ইঞ্চি আৰু তেওঁৰ পত্নী ক্ল’ইৰ উচ্চতা ৫.৪ ফুট। দুয়োৰে মাজত উচ্চতাৰ পাৰ্থক্য এক ফুট দহ ইঞ্চি।

২০১৬ চনত বৈবাহিক জীৱনৰ পাতনি মেলা জেমছ আৰু ক্ল’য়ে এই বৰ্ষৰ ২ জুনত বিশ্বৰ ভিতৰত সবাতোকৈ উচ্চতাৰ ব্যৱধান থকা বিবাহিত দম্পতীৰ (বিপৰীত লিংগ আৰু পুৰুষতকৈ মহিলা বেছি ওখ) গীনিজ ৰেকৰ্ড গঢ়ে বুলি গীনিজ বুকৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

জেমছে প্ৰকাশ কৰে যে তেওঁৰ উচ্চতাৰ বাবে কিছু অসুবিধা হ’লেও তেওঁ সকলো কাম কৰিবলৈ সক্ষম, মাত্ৰ তেওঁ কৰা কামবোৰৰ পন্থা বেলেগ। শাৰীৰিক উচ্চতাৰ বাবে কেতিয়াও কইনা নাপাবই বুলি ভাবিছিল তেওঁ।

২০১২ চনত যেতিয়া জেমছে তেওঁৰ চহৰখনলৈ অলিম্পিকৰ শিখা কঢ়িয়াই নিছিল তেতিয়াই ক্ল’ইক লগ পাইছিল।

ক্ল’ইৰ স্বামী হিচাপে সদায় ওখ পুৰুষক পছন্দ হৈছিল।
কিন্তু জেমছক লগ পোৱাৰ পাছত সেয়া সলনি হৈ পৰে।

পৰস্পৰৰ মাজত গঢ়ি উঠা ভালপোৱাৰ ফলতেই সংসাৰখন ঠন ধৰি উঠে।

দুবছৰ পূৰ্বে তেওঁলোকৰ জীৱনলৈ অলিভিয়া নামেৰে এটি কন্যা শিশুৰো আগমন ঘটে।

তিনিওৰে এতিয়া এখন সুখৰ সংসাৰ।

RELATED ARTICLES