আকৌ আহি আছে ভয়াৱহ দিন! ছেপ্টেম্বৰত দৈনিক আক্রান্ত হ’ব ৪–৫ লাখ
ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ বিভীষিকা আঁতৰি নৌযাওঁতেই পুনৰ তৃতীয় জোৱাৰ দুৱাৰডলিত উপনীত হৈছে৷ কার্যতঃ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ নিচেই ওচৰ চাপিছে৷ এই সতর্কবাণী কেন্দ্রীয় চৰকাৰক প্রদান কৰিছে নিটি আয়োগে৷
নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পলে আজি তৃতীয় জোৱাৰৰ সময়ত চিকিৎসাধীন হোৱা লোকৰ সংখ্যা পূর্বতকৈ ২৩ শতাংশ বৃদ্ধি পাব বুলি সতর্কবাণী দিছে৷ এই সতর্কবাণী কেন্দ্রীয় চৰকাৰক প্রদান কৰি ডাঃ পলে দুই লাখ আই চি ইউ বিছনা সাজু কৰিবলৈ আহ্বান জনাইছে৷ ডাঃ পলে বিবৃতিত প্রকাশ কৰা মতে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ ছেপ্ঢেম্বৰত আৰম্ভ হ’ব আৰু প্রতিদিনে ৪–৫ লাখকৈ লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হ’ব৷
উল্লেখ্য যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সময়ত এপ্রিল আৰু মে’ মাহত আক্রান্তৰ সংখ্যাই শিখৰ পাইছিল আৰু এদিনত আক্রান্তৰ সংখ্যাই তিনি লাখ অতিক্রম কৰিছিল৷ ছেপ্টেম্বৰত তৃতীয় জোৱাৰৰ বিভীষিকা আৰম্ভ হ’ব বুলি উল্লেখ কৰি ডাঃ পলে কেন্দ্রীয় চৰকাৰক আই চি ইউ বিছনাৰ লগতে বিভিন্ন সুবিধাসমূহ পর্যাপ্ত কৰিবলৈ আহ্বান জনাইছে৷
ইপিনে, কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনৰ নেচনেল ইনষ্টিটিউট অৱ ডাইজেষ্টাৰ মেনেজমেণ্ট (এন আই ডি এম)–এ সোমবাৰে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ নিচেই ওচৰ চপা বুলি উল্লেখ কৰিছে৷ এন আই ডি এমে তৃতীয় জোৱাৰক লৈ প্রতিবেদন প্রধানমন্ত্রীৰ কার্যালয়লৈ প্রেৰণ কৰিছে৷ এই তৃতীয় জোৱাৰৰ সময়ত শিশুসকলৰ বাবে বিপজ্জনক হোৱাৰ সম্ভাৱনা প্রবল বুলি প্রতিবেদনত উল্লেখ কৰিছে৷ এন আই ডি এমৰ মতে অক্টোবৰ মাহত ক’ৰোনা ভাইৰাছ সংক্রমণৰ মাত্রা শিখৰত উঠিব৷ সেয়েহে কেন্দ্রীয় চৰকাৰে পর্যাপ্ত সা–সুবিধা বিশেষকৈ শিশুৰ কাৰণে সঠিক চিকিৎসা ব্যৱস্থা সাজু কৰাটো অতি প্রয়োজন বুলি প্রকাশ কৰিছে৷
মন কৰিবলগীয়া যে দেশত প্রতিদিনে এতিয়াও ২৫ সহস্রাধিককৈ লোক ক’ভিডত আক্রান্ত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ২৫,০৭২জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ৩৮৯জন লোকৰ মৃত্যু ঘটিছে৷ সম্প্রতি দেশত ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ৩,৩৩,৯২৪৷ এই সংখ্যা হৈছে ১৫৩ দিনৰ ভিতৰত সর্বনিম্ন৷