peepl-small

১২ জুলাইৰ পৰা প্রথমখন বাজেট অধিৱেশন

PUBLISHED:

গুৱাহাটী: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ প্রথমখন বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’ব৷ মঙলবাৰে অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে  এক প্রস্তাৱযোগে সেই পৰামর্শ আগবঢ়ায়৷

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰি কয় যে বাজেট অধিৱেশনখন ২৫ দিন মান চলাৰ সম্ভাৱনা আছে৷ অৱশ্যে এই বিষয়ে বিধানসভা কর্তৃপক্ষ আৰু বিধানসভাৰ কার্য উপদেষ্টা পৰিষদে চূড়ান্ত কৰিব৷ এই সম্পর্কত তেওঁ কয় যে সদনত বাজেট দাখিলৰ পিছত ১০ দিন মান সময় বাজেটখনক লৈ বিধানসভাৰ বিভিন্ন বিভাগৰ ষ্টেণ্ডিং কমিটীৰ আলোচনা চলে৷ সেয়ে স্বাভাৱিকতে বাজেট অধিৱেশনত কর্মদিনৰ সংখ্যা বৃদ্ধি পায়৷

RELATED ARTICLES