peepl-small

আমচাং অভয়াৰণ্যৰ সীমা নির্ধাৰণ কৰিব গুৱাহাটী হাইক’র্টে

PUBLISHED:

গুৱাহাটী:মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যৰ সীমা নির্ধাৰণক লৈ দীর্ঘদিনে চলি অহা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত হস্তক্ষেপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত ৰুজু হোৱা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি এখন খণ্ড বিচাৰপীঠে অমচাং অভয়াৰণ্যৰ সমীক্ষাৰ বাবে এখন কমিটী গঠন কৰি দিয়ে৷ শেহতীয়াকৈ অনুষ্ঠিত শুনানিত উচ্চ ন্যায়ালয়ে গঠন কৰা কমিটীখনৰ অধ্যক্ষতা কৰিব মুখ্য সচিবে৷ ৰাজহ বিভাগৰ প্রধান সচিব আৰু ৰাজ্যৰ বনাঞ্চলৰ প্রধান মুখ্য বনসংৰক্ষক সদস্য হিচাপে থাকিব৷

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ৰ জৰীপ বিভাগে এই জৰীপ চলাব৷ ন্যায়ালয়ত কেন্দ্রীয় চৰকাৰৰ অধিবক্তাই এই সমীক্ষাত সংশ্লিষ্ট বিভাগটোৱে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্রদান কৰে৷ অঞ্চলটোৰ যাতে বনাঞ্চলৰ অন্তর্গত আৰু ৰাজহ ভূমিৰ মাজৰ সীমা স্পর্শভাৱে নির্ধাৰণ কৰিব পৰা যায়৷ ইয়াৰ পূর্বে বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ৰ সমীক্ষা বিভাগক নির্দেশ দিয়া সত্ত্বেও অঞ্চলটোৰ জৰীপ সম্পন্ন কৰা নাছিল৷ যাৰ পৰিপ্রেক্ষিতত ন্যায়ালয়ে মুখ্য সচিবৰ অধ্যক্ষতাত কমিটী গঠন কৰে৷ ৪ সপ্তাহৰ ভিতৰতে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিছে৷ একে সময়তে এয়াই অন্তিম সুযোগ বুলিও স্পষ্ট কৰি দিয়ে খণ্ড বিচাৰপীঠখনে৷ গোচৰটোৰ পৰৱর্তী শুনানি অহা ১৪ ছেপ্ঢেম্বৰত গ্রহণ কৰিব ন্যায়ালয়ে৷

RELATED ARTICLES