peepl-small

মুখ্যমন্ত্রীক ধন্যবাদ তেজপুৰৰ ক্ষতিগ্রস্ত ব্যৱসায়ীৰ

PUBLISHED:

গুৱাহাটীঃ তেজপুৰ চ’ক বজাৰত যোৱা ৮ মে’ৰ নিশা সংঘটিত বিধ্বংসী অগ্ণিকাণ্ডত ক্ষতিগ্রস্ত হোৱা দোকানীসকলক সাহায্যৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ ৫১ লাখ ২৫ হাজাৰ টকাৰ অনুদান আগবঢ়োৱাত সন্তুষ্টি প্রকাশ কৰিছে অগ্নিকাণ্ডত সর্বস্বান্ত হোৱা ব্যৱসায়ীসকলে৷

উল্লেখ্য যে মুখ্যমন্ত্রীগৰাকীয়ে তেজপুৰীয়া ৰাহজৰ আহ্বান আৰু দোকানী–কর্মচাৰীসক মর্মবেদনা অনুধাৱন কৰি এহ ধনৰাশি নগৰ ডন্নয়ন মন্ত্রী অশোক সিংহলকপ্রদান কৰিবলৈ নির্দেশ দিয়ে৷ প্রকাশ যে যোৱা ৮ মে’ৰ নিশা সংঘটিত এক ভয়ানক অগ্নিকাণ্ডত ভস্মীভূত হোৱা তেজপুৰ চ’ক বজাৰৰ হূদয়বিদাৰক দৃশ্যহ ৰাজ্যবাসীকে জোকাৰি যোৱাৰ পিছত এতিয়া ক্ষতিগ্রস্ত দোকানী আৰু কর্মচাৰীসকলৰ মুখলৈ কিঞ্চিৎ হ’লেও হাঁহি ঘূৰাহ অনাৰ তাৎক্ষণিক পদক্ষেপ গ্রহণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ৷ দোকানী–কর্মচাৰীসক মর্মবেদনা উপলব্ধি কৰি আৰু তেজপুৰীয়া ৰাহজৰ আহ্বানৰ প্রতি সঁহাৰি জনাহ মুখ্যমন্ত্রীগৰাকীয়ে সাহায্যৰ ৫১ লাখ ২৫ হাজাৰ টকাৰ অনুদান প্রদান কৰাৰ সংবাদ লাভ কৰাৰ পিছত শুকুৰবাৰে সাংবাদিকৰ আগত তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰি দোকানী আৰু কর্মচাৰীসকলে মুখ্যমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

RELATED ARTICLES