peepl-small

অচিৰেই শিক্ষা বিভাগত বৃহৎ নিযুক্তিঃ টেট উত্তীর্ণই পাব চাকৰি

PUBLISHED:

গুৱাহাটী: শিক্ষা বিভাগৰ বিভিন্ন পদত খালী হৈ থকা পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে শীঘ্রে পদক্ষেপ গ্রহণ কৰিব৷ বিশেষকৈ উচ্চতৰ মাধ্যমিকত খালী হৈ থকা শিক্ষক পদ পূৰণৰ বাবে অচিৰেই এক নিযুক্তি নীতি ঘোষণা কৰিব শিক্ষা বিভাগে৷ আজি জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি এইক্ষেত্রত পদক্ষেপ গ্রহণৰ নির্দেশ দিয়ে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিত্তমন্ত্রী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ বিভিন্ন কাম–কাজৰ পর্যালোচনা কৰি আজি মুখ্যমন্ত্রীয়ে বিভাগটোৰ শীর্ষ বিষয়াসকলক কেইবাটাও গুৰুত্বপূর্ণ নির্দেশ দিয়ে৷

শিক্ষক বদলীকৰণৰ বিষয়টোৰ ক্ষেত্রত এই বৈঠকত বিস্তৃত আলোচনা কৰি মুখ্যমন্ত্রীয়ে শিক্ষক বদলীকৰণ আইন কঠোৰভাৱে বলৱৎকৰণত গুৰুত্ব আৰোপ কৰে৷ বিশেষকৈ শিক্ষকৰ বদলি প্রক্রিয়াটো যাতে সম্পূর্ণ মেধাৰ তালিকাৰ ভিত্তিত হয়, তাৰ বাবে ছফ্টৱেৰযোগে সকলো দিশ চালিজাৰি চাবলৈ নির্দেশ দিয়ে৷ ইয়াৰ বাবে প্রয়োজনীয় এক ছফট্ৱেৰ শীঘ্রে প্রস্তুত কৰি তোলাৰ বাবেও মুখ্যমন্ত্রীয়ে আজি নির্দেশ দিয়ে৷ আনহাতে, এই বৈঠকত ৰাজ্যৰ মাদ্রাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ বাবে আৰম্ভ কৰা প্রক্রিয়া দ্রুত কৰিবলৈও আজি শিক্ষা বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷

ইফালে, ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্রাধিকাৰ ভিত্তিত শিক্ষকক নিযুক্তি প্রদান কৰা আৰু এই নিযুক্তিৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহক কর্তৃত্ব প্রদান কৰিবলৈ শিক্ষা বিভাগক প্রয়োজনীয় এম্পাৱাৰমেণ্ট কমিটী গঠনৰ পৰামর্শ দিয়ে মুখ্যমন্ত্রীয়ে৷ তদুপৰি ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ বাবে আছাম ইঞ্জিনীয়াৰিং ছার্ভিচ ৰিক্রুইটমেণ্ট ব’ৰ্ড গঠনৰ বাবেও বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই চাহ বাগিচা এলেকাত নৱনির্মিত বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টি কৰা, কলেজ শিক্ষকৰ নিযুক্তিক এক নিয়মীয়া প্রক্রিয়াৰূপে গ্রহণ কৰা, ২০২২ চনৰ পৰৱর্তী গুণোৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ পূর্বৰ আয়োজিত গুণোৎসৱৰ ফলাফল ৰূপে হাতত ল’বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্রে সম্পূর্ণ কৰাৰ বাবেও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷

ইফালে, নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে প্রশাসনিক পদসমূহ শীঘ্রে পূৰণ কৰাৰ ওপৰতো আজি বিস্তৃত আলোচনা হয় বৈঠকত৷ ৰাজ্যৰ সকলো স্তৰত বিদ্যালয়সমূহৰ নৱনিযুক্ত প্রাদেশীকৃত শিক্ষক তথা টিউটৰসকলৰ দৰমহা মুকলিৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ আজিৰ বৈঠকতে বিত্ত বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ অহা ১ জুনৰ ভিতৰত এই শিক্ষসকলে যাতে অনাদায় দৰমহা লাভ কৰে, তাৰ বাবেও ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে বিভাগক৷ উচ্চতৰ মাধ্যমিকৰ মেধাৱী ছাত্রীসকলক স্কুটী প্রদানৰ বিষয়টো সন্দর্ভত আজিৰ বৈঠকতে মুখ্যমন্ত্রীয়ে ১৫ দিনৰ ভিতৰত বাকী ৰৈ যোৱা স্কুটীসমূহ বিতৰণ কৰিবলৈ নির্দেশ দিয়ে৷

এই বৈঠকতে ৰাজ্যৰ প্রাথমিক শিক্ষা বিভাগ, মাধ্যমিক শিক্ষা বিভাগ, সর্বশিক্ষা মিছনৰ অধীনৰ সকলো কর্মৰত শিক্ষকক এটা নিয়ন্ত্রণকাৰী সংস্থাৰ অধীনলৈ আনিব পৰা যায় নেকি, সেয়া পৰীক্ষা কৰিবলৈ নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷

এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷ ইফালে, বৈঠকৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত বিভিন্ন দিশ বিভাগে পর্যালোচনা কৰি আছে৷ এই দুয়োটা পৰীক্ষা নিশ্চিতভাৱে হ’বই৷ অৱশ্যে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বিষয় হ্রাস কৰাৰ প্রস্তাৱ শিক্ষা বিভাগে বিভিন্ন চিন্তাবিদ, শিক্ষাবিদ আৰু শিক্ষকসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ আনহাতে, মাধ্যমিক টেট উত্তীর্ণসকলক অতি সোনকালে নিযুক্তি প্রদান কৰা হ’ব৷ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ ক্ষেত্রত শিক্ষামন্ত্রীয়ে কয় যে ১৫ দিনৰ ভিতৰত সকলো বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে লাভ কৰিব বিনামূলীয়া পাঠ্যপুথি৷ অৱশ্যে, দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে বিনামূলীয়া পাঠ্যপুথি এসপ্তাহ বা দহ দিনৰ পিছতহে প্রতিখন জিলালৈ প্রেৰণ কৰা হ’ব৷

সংসদৰ ৱেবছাইটৰ পৰা কৰিব পাৰিব ডাউনলোডঃ অনলাইনত উপলব্ধ উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ পাঠ্যপুথি
উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ শিক্ষার্থীসকলৰ বাবে উপলব্ধ কৰা হৈছে ই–পাঠ্যপুথি৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৱেবছাইটৰ পৰা এই পাঠ্যপুথি ডাউনলোড কৰিব পাৰিব শিক্ষার্থীসকলে৷ এক নির্দেশনাযোগে এই তথ্য সদৰী কৰিছে সংসদৰ সচিবে৷ ক’ভিডসৃষ্ট পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি শিক্ষার্থীসকলৰ বাবে এনেদৰে অনলাইন পাঠ্যক্রম প্রৱর্তন কৰিছে শিক্ষা সংসদে৷ লক্ষণীয় যে ক’ভিডৰ বাবে এইবাৰ উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল ৰাজ্য চৰকাৰে৷

সেয়েহে তেওঁলোকক দ্বিতীয় বর্ষলৈ পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে উন্নীত কৰা হৈছে৷ সমান্তৰালভাৱে শিক্ষার্থীসকল যাতে ক্ষতিগ্রস্ত নহয়, তাৰ বাবে অনলাইনযোগে পাঠদানৰ ব্যৱস্থাও গ্রহণ কৰিছে শিক্ষা সংসদে৷ সেই অনুসৰি যোৱা ১৫ মে’ৰ পৰা দ্বিতীয় বর্ষৰ পাঠ্যক্রমৰ পাঠদান আৰম্ভ হৈছে৷ বিগত বর্ষসমূহত এই শিক্ষার্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হৈছিল৷ এইবাৰ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহত পাঠ্যপুথি প্রদান কৰিব নোৱাৰাত এইদৰে ই–পাঠ্যপুথিৰ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যৰ শিক্ষার্থী আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষকসকলক এই নতুন ব্যৱস্থা সন্দর্ভত অৱগত কৰিবলৈ বিদ্যালয়সমূহৰ মুৰব্বীক নির্দেশনা দিছে শিক্ষা সংসদে৷

RELATED ARTICLES