peepl-small

অন্তঃসত্বা বোৱাৰীৰ  ৰহস্যজনক মৃত্যুঃ উত্তপ্ত কামৰূপৰ সৰুলাহ

PUBLISHED:

গুৱাহাটীঃ এগৰাকী অন্তঃসত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে নিশা কামৰূপৰ সৰুলাহত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে । বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

সোমবাৰে সন্ধিয়া  পিকুমণি দাস নামৰ মহিলাগৰাকীক স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । স্বামী কাৰ্তিক দাস আৰু তেওঁৰ পৰিয়ালে পাঁচ মাহৰ অন্তঃসত্বা মহিলাগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে মৃত বোৱাৰীগৰাকীৰ আত্মীয়ই। ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ। শ শ লোকে পিকুমণিৰ স্বামীগৃহ ঘেৰাও কৰাৰ লগতে ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰে। পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে তিনিখন থানাৰ আৰক্ষী উপস্থিত হৈও নিয়ন্ত্ৰণ কৰিব পৰা নাছিল পৰিস্থিতি।

ফলত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ লগতে লাঠীচালনাও কৰিবলগীয়া হয়। আৰক্ষীয়ে স্বামী কাৰ্তিক দাসক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও উত্তেজনা অব্যাহত আছে।

মৃতদেহৰ অৱস্থিতিয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি ভাবিবলৈ বাধ্য কৰাইছে বুলি জানিবলৈ দিছে মৃত মহিলাগৰাকীৰ আত্মীয় তথা স্থানীয় লোকে। বিয়াৰ পাছৰে পৰা স্বামী কাৰ্তিক দাস আৰু পৰিয়ালৰ লোকে পিকুমণিক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই অহা বুলিও অভিযোগ উত্থাপন হৈছে।

   

RELATED ARTICLES