peepl-small

সৰুসজাইত বিনাবেতনে ৩০ বছৰ ধৰি শিক্ষকতা কৰা এটি দম্পতীঃ ছাত্ৰ-ছাত্ৰীৰ মৰমৰ বাবে এৰিব পৰা নাছিল স্কুল

PUBLISHED:

গুৱাহাটীঃ বছৰ বছৰ ধৰি বিনাবেতনে শিক্ষকতা কৰা বহু শিক্ষক-শিক্ষয়িত্ৰীক প্ৰত্যক্ষ কৰা হৈছে সৰুসজাইত। নিযুক্তিপ্ৰাপ্ত ২৯,৭০১গৰাকী শিক্ষকৰ মাজত এনে হাজাৰ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰী আছে, যিয়ে জীৱনৰ ১০-১২ৰ পৰা ২৫-৩০ বছৰলৈ কোনো দৰমহা অবিহনে শিক্ষাদান কৰিছে।

আজিৰ এই যুগত বিনাবেতনে ইমান বছৰ কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা কথাটো ভাবিবলৈকেও সহজ নহয়। কিন্তু সহস্ৰৰ হিচাপত এনে কৰ্মত ব্ৰত থকা শিক্ষক-শিক্ষয়িত্ৰীক আজি দেখা গৈছিল। আজিৰ নিযুক্তি প্ৰক্ৰিয়াত চামিল হোৱা এনে বহু শিক্ষকৰ বুকুত চেপি ধৰিছিল জীৱনতো কোনোদিনে নোপোৱা এক আনন্দৰ হেঁচাই।

তেনে এটি দম্পতীকো দেখা গৈছিল সৰুসজাইত। বিগত ৩০ বছৰ ধৰি বিনাবেতনে শিক্ষকতা কৰা এই শিক্ষক দম্পতী আছিল গোলাঘাটৰ ডিম্বেশ্বৰ চুতিয়া আৰু তেওঁৰ পত্নী খগেশ্বৰী গগৈ। ১৯৮৮ চনত চুতিয়াই গোলাঘাট ছাউথ ব্লকৰ ৰেংমা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত শিক্ষক ৰূপে ৩০ বছৰে বিনাবেতনে শিক্ষকতা কৰি আছে।

তেওঁৰ লগতে তেওঁৰ পত্নীও একেখন বিদ্যালয়ত ১৯৮৭ চনৰ পৰা শিক্ষয়িত্ৰী ৰূপে মহান বৃত্তিটোত জড়িত আছে। অৱসৰলৈ বেছিদিন নথকা অৱস্থাত আজিৰ দিনটোৱে অন্যৰ দৰে দুয়োগৰাকীৰে মুখত দেখা গৈছিল প্ৰাপ্তিৰ আনন্দৰ আভা।

চুতীয়াই কয় যে বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱকৰ মৰম দেখি বিদ্যালয় এৰিব পৰা নাছিল। শ্ৰদ্ধা-সন্মান প্ৰাপ্তিয়ে তেওঁক বেতনৰ কথা পাহৰাই ৰাখিছিল। জীৱনজুৰি এনেদৰে শিক্ষাদানতে ব্ৰত থাকে চুতিয়া।

আজি তেওঁৰ প্ৰাক্তন ছাত্ৰ বিদেশত প্ৰতিষ্ঠিত, অসমলৈ আহিলে নমস্কাৰ জনায় চুতিয়াক। এই আনন্দ চুতিয়াৰ বাবে এক চৰম প্ৰাপ্তি। একেখিনি মনোভাব পত্নী খগেশ্বৰী গগৈৰো। বিনাবেতনে শিক্ষকতা কৰি তিনি সন্তানৰ মাতৃ আৰু এতিয়া নাতি-পুতিৰো মুখ দেখা খগেশ্বৰী গগৈয়ে শিক্ষকতাৰ শেষ জীৱনত চৰকাৰী স্বীকৃতিৰ বাবে ৰাজ্য চৰকাৰৰ লগতে ধন্যবাদ জ্ঞাপন কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

RELATED ARTICLES