peepl-small

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ঘোষণাঃ হোম আইছ’লেচন নাথাকিব চাহ বাগিচাত

PUBLISHED:

গুৱাহাটী: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ক’ভিডে সৃষ্টি কৰা পৰিস্থিতি ৰোধ কৰিবৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীৰ নির্দেশক্রমে অসম মন্ত্রীসভাৰ মন্ত্রীসকলে বিভিন্ন জিলালৈ গৈ ক’ভিডে সৃষ্টি কৰা পৰিস্থিতি অধ্যায়ন কৰাৰ লগতে ক’ভিড–১৯ নিয়ন্ত্রণৰ বাবে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগক যাৱতীয় নির্দেশনা দিছে৷ শনিবাৰে নগাঁৱত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্তই নগাঁও জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে৷ জিলাখনত ক’ভিড পৰিস্থিতি সন্দর্ভত সাংবাদিকে কৰা কেইবাটাও বিষয়ৰ প্রশ্ণৰ উত্তৰ দি মন্ত্রীগৰাকীয়ে কয়– আপোনালোকে কোৱা আটাইবোৰ কথা আমাৰ দৃষ্টিগোচৰ হৈছে৷ এই সকলো বিষয়ৰ ওপৰত আমি যেনেধৰণৰ ব্যৱস্থা ল’ব লাগে, আমি সেইমতে ব্যৱস্থা গ্রহণ কৰিম৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসালয়ত অক্সিজেনৰ অভাৱ সম্পর্কত সোধা প্রশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে চিকিৎসালয়খনৰ ক’ভিড চিকিৎসালয়ত ইতিমধ্যে ২০খন আই চি ইউ বিছনা আছে৷ আৰু নতুনকৈ ৪০খন আই চি ইউ বিছনা স্থাপনৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷

শনিবাৰৰ পৰা ইয়াৰ কাম আৰম্ভ হৈছে৷ চাৰি দিনৰ ভিতৰত কাৰিকৰী কামখিনি সম্পূর্ণ কৰাৰ পাছত ১০ দিনৰ ভিতৰত এই ৪০খন আই চি ইউ বিছনা ৰোগীৰ বাবে মুকলি কৰি দিয়া হ’ব৷ আগতে চিকিৎসা মহাবিদ্যালয়ত ৬০খন আই চি ইউ বিছনা আছিল৷ এতিয়া নগাঁৱৰ এই চিকিৎসালয়ত ৬০খন আই চি ইউ বিছনাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে আমি ৰাইজৰ সেৱা কৰাৰ সুবিধা লাভ কৰিম৷ তদুপৰি চিকিৎসালয়খনত এটা অক্সিজেন প্রকল্প নির্মাণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে আৰু অহা ৫ দিনৰ ভিতৰত এই প্রকল্পৰ কাম সম্পূর্ণ হৈ উঠিব৷ ইয়াৰ জৰিয়তে ৰোগীয়ে পোনপটীয়াকৈ অক্সিজেন লাভ কৰিব৷ ইয়াৰ মাজৰ সময়ছোৱাত অক্সিজেনৰ ঝাম্বু চিলিণ্ডাৰৰ জৰিয়তে ক’ভিড ৰোগীক অক্সিজেন যোগান ধৰা হ’ব৷ নগাঁও জিলাত আৰু কেইবাখনো ক’ভিড চিকিৎসালয় সাজু কৰি তোলা হৈছে৷ এতিয়াৰ পৰা নগাঁৱত ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত কোনো অসুবিধাৰ সৃষ্টি নহয়৷

মন্ত্রীগৰাকীয়ে লগতে কয়– চাহ বাগিচাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ এতিয়াৰ পৰা চাহ বাগিচাত হোম আইছ’লেচনৰ কোনো ব্যৱস্থা নাথাকিব৷ চাহ বাগিচাত ক’ভিড কেয়াৰ চেণ্টাৰ সাজু কৰি তোলা হৈছে৷ বাগিচাত ক’ভিড ৰোগীসকলক ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হ’ব৷ সেই সময়ত তেওঁলোকক খোৱা–বোৱাৰ লগতে ঔষধৰ টোপোলা যোগান ধৰা হ’ব৷ অকল চাহ বাগিচাই নহয়, আন অঞ্চলতো ক’ভিড কেয়াৰ চেণ্টাৰ থাকিব৷ ইয়াত কোনো লোকৰ ক’ভিড পজিটিভ হোৱাটো নিশ্চিত হ’লে তেওঁক কোনোপধ্যেই চিকিৎসকৰ দৃষ্টিৰ পৰা আঁতৰত থাকিবলৈ নিদিওঁ৷ আশাকর্মীৰ জৰিয়তে বা আন ব্যৱস্থাৰে তেওঁক চিকিৎসকৰ পর্যবেক্ষণত ৰখা হ’ব৷ চিকিৎসকে যাতে তেওঁৰ ওপৰত সকলো সময়তে দৃষ্টি ৰাখিৰ পাৰে, খবৰ ৰাখিব পাৰে আৰু সহায় কৰিব পাৰে তাৰ বাবে যাৱতীয় নির্দেশনা দিয়া হৈছে৷

ক’ভিড কেয়াৰ চেণ্টাৰত থকা লোকক প্রয়োজন হোৱাৰ লগে লগে ক’ভিড চিকিৎসালয়লৈ লৈ অনা হ’ব৷ যদি ৰেফাৰ কৰিবলগীয়া হয়, তেন্তে তেওঁক মেডিকেল কলেজলৈ প্রেৰণ কৰা হ’ব৷ মন্ত্রীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ক’ভিড প্রতিৰোধৰ বাবে চৰকাৰে ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ এই সন্দর্ভত ইতিমধ্যে মুখ্যমন্ত্রীয়ে যাৱতীয় নির্দেশনা দিছে৷ জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷

ৰাজ্য চৰকাৰে ক’ভিডৰ পৰীক্ষাৰ বাবে পৰীক্ষা কেন্দ্র বৃদ্ধি কৰিছে৷ প্রতিদিনে ১ লাখ লোকৰ ক’ভিড পৰীক্ষা কৰা হ’ব৷ অকল গুৱাহাটীতে প্রতিদিনে ২০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা কৰা হ’ব৷ ১৭ মে’ৰ পৰা ১ লাখ লোকক ক’ভিড পৰীক্ষা কৰা হ’ব৷ ৰাজ্যখনত এতিয়াও ৩ লাখ ৭০ হাজাৰৰো অধিক ক’ভিড ভেকচিন আছে৷ দ্বিতীয় পালি ক’ভিড ভেকচিন ল’ব লগাসকলক অগ্রাধিকাৰ ভিত্তিত ভেকচিন প্রদান কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দি কয়– অহা সোমবাৰৰ ভিতৰত নতুনকৈ ১০০খন ১০৮ এম্বুলেঞ্চ সেৱা লোৱা হ’ব৷ য’ত প্রয়োজন হয় এই এম্বুলেঞ্চ সেৱা তালৈ প্রেৰণ কৰা হ’ব৷ সাংবাদিকে সোধা আন এক প্রশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে ক’ভিড চেণ্টাৰত সুকীয়া গাড়ীৰ ব্যৱস্থা কৰা হৈছে৷ এই চেণ্টাৰত কোনো লোকৰ ক’ভিড পজিটিভ হ’লে লগে লগে ক’ভিড কেয়াৰ চেণ্টাৰ বা চিকিৎসালয়লৈ অনা হ’ব৷

কোনো কোনো ক্ষেত্রত চিকিৎসকে অৱহেলা কৰে বুলি সাংবাদিকে কৰা প্রশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়– অৱহেলাৰ প্রশ্নই উঠিব নোৱাৰে৷ অ’ পি ডিত ক’ভিড টেষ্ট কৰাটো বাঞ্ছনীয় ৷ নহ’লে সংক্রমণ বৃদ্ধি হ’ব পাৰে৷ প্রতিখন চিকিৎসালয়ত ৮ ঘণ্টাৰ মূৰে মূৰে তিনিটা চিফটত কর্তব্য ভগাই দিয়া হৈছে৷

সাংবাদিকে সোধা আন এক প্রশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে ক’ভিড চিকিৎসালয়ত থকা প্রতিগৰাকী ৰোগীক প্রতিদিনে ৩০০ টকাৰ খাদ্য যোগানৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি কনটেইনমেণ্ট জ’নত থকা দাৰিদ্র্য সীমাৰেখাৰ তলৰ প্রতিটো পৰিয়ালক ২,০০০ টকাকৈ সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে, শনিবাৰে মন্ত্রী কেশৱ মহন্তই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদর্শন কৰি চিকিৎসালয়খনে ক’ভিড–১৯ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গ্রহণ কৰা ব্যৱস্থাসমূহৰ পর্যালোচনা কৰে৷ মহন্তই ক’ভিড–১৯ৰ চলি থকা চিকিৎসাৰ বাবে শেহতীয়া সুবিধা নির্মাণৰ প্রস্তুতি আৰু অগ্রগতিৰ বুজ লয়৷

স্বাস্থ্যমন্ত্রীৰ সৈতে নগাঁৱৰ বিধায়ক ৰূপক শর্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ লগতে নগাঁৱৰ উপায়ুক্ত কবিতা পদ্মনাভন, আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্র পাটৰ আৰু জিলা পর্যায়ৰ অন্যান্য বিষয়াসকল অংশগ্রহণ কৰে৷ ইয়াৰ পাছত মন্ত্রীগৰাকীয়ে জিলা উপায়ুক্ত কার্যালয় সভাকক্ষত এখন পর্যালোচনা সভাত অংশগ্রহণ কৰে৷ জিলাখনৰ সকলো বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত হোৱা বৈঠকত জিলাখনৰ ক’ভিড–১৯ পৰিস্থিতিৰ বুজ লৈ মন্ত্রীগৰাকীয়ে ক’ভিড কেয়াৰ চেণ্টাৰসমূহৰ সঠিক কার্যকলাপ, ক’ভিড–১৯ পজিটিভ ৰোগীৰ সঠিক পৰিবহণ, ছেনিটাইজেচন প্রক্রিয়া, সুবিধাযুক্ত শ্মশানৰ সুবিধা, ক’ভিড সম্পর্কীয় মৃত্যুৰ সঠিক নিৰিখ, ৰাজ্যৰ দ্বাৰা সময়ে সময়ে জাৰি কৰা ক’ভিড–১৯ এছ অ’ পি প্রটোকলবোৰ কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

RELATED ARTICLES