peepl-small

অসমতে থাকিব টাটা টীৰ অপাৰেটিং মুখ্য কার্যালয়

PUBLISHED:

গুৱাহাটীঃ সকলো বিতর্ক আৰু উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ‘টাটা টী’য়ে গুৱাহাটীতে মুখ্য অপাৰেটিং কার্যালয় বাহাল ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিলে৷ আজি কেন্দ্রীয় চৰকাৰৰ ঊর্ধ্বতন কর্তৃপক্ষৰে হোৱা এক বৈঠকৰ অন্তত এমাল্গেমেটেড প্লেণ্টেচন্ছ প্রাইভেট লিমিটেডৰ তৰফৰ পৰা প্রকাশিত এক প্রেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হয়৷

বিজ্ঞপ্তিটোত স্পষ্টভাৱে কোৱা হয় যে অসমত থকা ২১খন চাহ বাগিচাৰ প্রায় ৫০ হাজাৰ প্রত্যক্ষ–পৰোক্ষ কর্মচাৰীৰ স্বার্থত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ উল্লেখ্য যে টাটা টীৰ গুৱাহাটীৰ খ্রীষ্টানবস্তিস্থিত মুখ্য অপাৰেটিং কার্যালয় স্থানান্তৰ কৰাক কেন্দ্র কৰি তীব্র বিতর্ক সৃষ্টি হৈছিল৷ আনকি সশস্ত্র সংগঠন আলফা (স্বাধীন)–য়ো বিষয়টোক লৈ টাটা টী কর্তৃপক্ষক সকীয়নি দিছিল৷

জানিব পৰা মতে, শনিবাৰে কেন্দ্রীয় চৰকাৰৰ ঊর্ধ্বতন কর্তৃপক্ষৰে টাটা টীৰ শীর্ষ বিষয়াবর্গৰ এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল আৰু ৰামেশ্বৰ তেলী৷ বৈঠকৰ অন্তত এমালগেমেটেড প্লেণ্টেচন্ছ প্রাইভেট লিমিটেডৰ তৰফৰ পৰা প্রকাশ কৰা বিজ্ঞপ্তিত সংস্থাটোৱে অসমৰ প্রতি দায়বদ্ধ বুলি উল্লেখ কৰে৷

RELATED ARTICLES