গুৱাহাটীঃ আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ। গুৱাহাটীৰ মিনিষ্টাৰ্ছ কলনীৰ চৌহদত আয়োজিত কৰা হৈছে প্ৰয়াত গগৈৰ আদ্যশ্ৰাদ্ধ।
উল্লেখযোগ্য যে ২৩ নৱেম্বৰত জি এম জি এইচত বিয়লি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল ২০০১ চনৰ পৰা ২০১৬ চনলৈকে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা তৰুণ গগৈয়ে। ২৬ নৱেম্বৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হৈছিল গগৈৰ।
“আমাৰ ঘৰত কেৱল এজন প্ৰিয় সদস্যক হেৰুওৱা নাই। এই বছৰটো অসমবাসীৰ বাবে জটিল বছৰ। আমাৰ দৰে বহুতে নিজৰ পৰিয়ালৰ সদস্যক হেৰুওৱাইছে।”–প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈয়ে এনেদৰে কয়।