peepl-small

ক’ত সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ শেষকৃত্য?

PUBLISHED:

গুৱাহাটী: ক’ত সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ শেষকৃত্য? এয়া স্বাভাৱিকতে উঠা এটা প্ৰশ্ন। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া গুৱাহাটীতে সম্পন্ন কৰাৰ কথা পৰিয়ালে জনোৱাৰ পিছত সৃষ্টি হৈছে এই বিষয়ক লৈ এটা প্ৰশ্ন- গুৱাহাটীৰ ক’ত সম্পন্ন কৰা হ’ব গগৈৰ শেষকৃত্য। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই বিষয়ে চৰকাৰক মাটি প্ৰদান কৰিবলৈ আহ্বান জনাই উল্লেখ কৰিছিল যে কামৰূপ মহানগৰৰ উপাযুক্তই কোনো মাটি নাই বুলি জানিব দিছে।

এনেক্ষেত্ৰত ৰিপুণ বৰাক কিছু ক্ষুব্ধ যেন দেখা গৈছিল আৰু তেওঁ চৰকাৰে ভূমি প্ৰদান কৰিব নোৱাৰিলে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে সমাধিস্থ কৰাৰ বাহিৰে অন্য উপায় নাথকিব বুলি জনাইছিল।

এই প্ৰসংগতে শেহতীয়াকৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অসমৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে এইদৰে- ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে চচলৰ যিডোখৰ মাটিৰ কথা উল্লেখ কৰিছিল, জলাহ ভূমি আইনৰ নিয়ম অনুযায়ী তাত আন কোনো কাম কৰিব নোৱৰাকৈ নিয়ম কৰা হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে। গতিকে সেইক্ষেত্ৰত আইন অনুযায়ী আগবাঢ়িব পৰা নাযাব। কিন্তু যদি আমিনগাঁও বা সোণাপুৰ অঞ্চলত ভূমি বিচৰা হয়, তেন্তে তাত ভূমি পোৱা যাব।

গুৱাহাটী চহৰৰ মাজমজিয়াত ভূমি বিচৰাক লৈ মই জিলা উপাযুক্তক কালি অনুৰোধ কৰিছিলোঁ আৰু উপাযুক্তই ৰাতিপুৱাৰে পৰা ভূমি বিচাৰিছে, কিন্তু ক’তোৱে তেনে ভূমি বিচাৰি পোৱা নাই। গতিকে সেই দিশটো তেখেতসকলে নিশ্চয় বুজি পাব। ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো মাটি বিচাৰি পোৱা যোৱা নাছিল, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে বিশাল হৃদয়ৰ পৰিচয় দি ভূমি প্ৰদান কৰাতহে জালুকবাৰীত শিল্পীগৰাকীক সমাধিস্থ কৰিব পৰা গ’ল। গতিকে যদি প্ৰদেশ কংগ্ৰেছে বা পৰিয়ালে আমিনগাঁৱৰ কথাটো চিন্তা কৰে, তেন্তে আমি আন্তৰিকতাৰে তাত ভূমি বিচাৰি দিম।’

RELATED ARTICLES