peepl-small

তামিলনাডু ৬৫, কেৰালা ৬৯ পুডুচেৰীত ৭৮ শতাংশ ভোটদান

PUBLISHED:

গুৱাহাটীঃ তামিলনাডু, কেৰালা আৰু পুডুচেৰীত বিধানসভা নির্বাচনৰ একেটা পর্যায়তে আজি শান্তিপূর্ণভাৱে ভোটগ্রহণ সমাপ্ত হৈ যায়৷

নির্বাচন আয়োগৰ তথ্য মতে তামিলনাডুত ৬৫.১১ শতাংশ, কেৰালাত ৬৯.৯৫ শতাংশ, পুডুচেৰীত ৭৮.০৩ শতাংশ ভোটৰ হাৰ৷

আনপিনে পশ্চিমবংগ বিধানসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ৩১টা সমষ্টিত ভোটগ্রহণৰ সময়ত বিক্ষিপ্ত হিংসা সংঘটিত হয়৷ ৰাজ্যখনত তৃতীয় পর্যায়ত ভোটদানৰ হাৰ ৭৭.৬৮ শতাংশ৷

উল্লেখ্য যে একেটা পর্যায়ত তামিলনাডুৰ ২৩৪ বিধানসভা সমষ্টিত ৬.২৮ কোটি ভোটাৰৰ ৬৫.১১ শতাংশই ৩,৯৯৮ প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী কৰে৷ কেৰালাতে ১৪০জনীয়া বিধানসভা সমষ্টিত একেটা পর্যায়তে ভোটগ্রহণত ২.৭৪ কোটি ভোটাৰৰ ৬৯.৯৫ শতাংশই ৯৫৭ প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী কৰে৷ কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীৰ ৩০জনীয়া বিধানসভাত ১০,০৪,১৯৭ ভোটাৰৰ ৭৮.০৩ শতাংশই প্রার্থীসকলৰ ভাগ্য নির্ণয় কৰে৷

RELATED ARTICLES