peepl-small

কান্দাহাৰ–হেৰাটত ভাৰতীয় কনছুলেট লণ্ডভণ্ড–কাঢ়ি নিলে গাড়ী

PUBLISHED:

আফগানিস্তানত পুনৰ উভতি আহিল সন্ত্রাসবাদী সংগঠন তালিবানৰ নৃশংসতা৷ যোৱা ১৫ আগষ্টত দেশখনৰ ৰাজধানী কাবুল দখল কৰাৰ লগে লগে ২০ বছৰৰ মূৰকত আফগানিস্তানত তালিবানী শাসনৰ পুনৰাবৃত্তি হ’ল৷ শাসনত অধিষ্ঠিত হৈ কেইঘণ্টামান পাছতেই দেশৰ সকলো নাগৰিকক সুৰক্ষা আৰু নিৰাপত্তা প্রদানৰ প্রতিশ্রুতি দিলেও ইতিমধ্যে তালিবানৰ নৃশংসতা আৰম্ভ হৈছে৷ দেশখনৰ কান্দাহাৰ আৰু হেৰাটত থকা বন্ধ ভাৰতীয় কনছুলেট তালিবানে লণ্ডভণ্ড কৰাৰ লগতে চৌহদত ৰাখি থোৱা বাহন লৈ যায়৷ তদুপৰি কনছুলেটৰ ভিতৰত থকা নথি–পত্রও তালিবান সদস্যই লৈ যায়৷

উল্লেখ্য যে দেশখনৰ কাবুলত ৰাষ্ট্রদূতৰ কার্যালয়কে ধৰি ভাৰতৰ চাৰিটা কনছুলেট আছে৷ এই কনছুলেটৰ পৰা ইতিমধ্যে ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ওভতাই অনা হৈছে৷ বন্ধ হৈ থকা এই কনছুলেটত তালিবান সন্ত্রাসবাদীয়ে প্রৱেশ কৰি নথি–পত্র লৈ যোৱাৰ লগতে কার্যালয় লণ্ডভণ্ড কৰে৷ ইপিনে পূর্বৰ চৰকাৰৰ সেনা–আৰক্ষী–কর্মচাৰ্ তালিবানে সাধাৰণ ক্ষমাদান কৰা বুলি ঘোষণা কৰিছে যদিও শেহতীয়া তথ্য মতে তালিবানে প্রতিশোধমূলক নৃশংসতা চলাই আছে৷ বডঘিছ প্রদেশৰ আৰক্ষীৰ মুৰব্বীজনে আত্মসমর্পণ কৰাৰ পাছত তালিবানে ধর্মীয় শ্লোগান দি নৃশংসভাৱে হত্যা কৰিছে৷ হাজি মোল্লা আছাকজাই নামৰ আৰক্ষীৰ মুৰব্বীজনক হাত–ভৰি, চকু বান্ধি লৈ উপর্যুপৰি গুলী চলাই নৃশংসভাৱে হত্যা কৰা ভিডি’ ছ’চিয়েল মিডিয়াযোগে প্রচাৰ হৈছে৷ এই হত্যাকাণ্ডই পুনৰ পূর্বৰ তালিবানী শাসনৰ নৃশংসতাক উদঙাই দিছে৷ আনপিনে গজনি প্রদেশৰ কেইবাখনো গাঁৱত তালিবান সন্ত্রাসবাদী প্রৱেশ কৰি জনগোষ্ঠীয় সংখ্যালঘু হাজৰা সম্প্রদায়ৰ লোকক হত্যা কৰি আছে৷

তথ্য মতে তালিবান সন্ত্রাসবাদীয়ে হাজৰাৰ ৯জন লোকক অকথ্য নির্যাতনেৰে হত্যা কৰিছে৷ মুন্দাৰাখট গাঁৱত তালিবান সন্ত্রাসবাদীয়ে এজন পুৰুষক গুলীয়াই হত্যা কৰাৰ বিপৰীতে বাকীকেইজনক অকথ্য নির্যাতন কৰি হত্যা কৰে৷ ইপিনে কাবুল বিমানবন্দৰগামী এজন জার্মান নাগৰিকক তালিবান সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰিছে৷ উল্লেখ্য যে জার্মানৰ সংবাদ সংস্থা ডি ডব্লিউত কর্মৰত সাংবাদিকজনে নিজ গৃহলৈ ওভতাৰ বাবে কাবুল বিমানবন্দৰলৈ গৈ থকা অৱস্থাত তালিবান সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰে৷ এই হত্যাকাণ্ডৰ পূর্বে তালিবান সন্ত্রাসবাদীয়ে জার্মান সংবাদ সংস্থাৰ সৈতে জড়িত আফগান নাগৰিকৰ এটা পৰিয়ালৰ লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰে৷

লক্ষণীয় যে আমেৰিকা যুক্তৰাষ্ট্রই আফগানিস্তানৰ পৰা সেনাবাহিনী প্রত্যাহাৰ কৰাৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে তালিবানে আফগানিস্তান দখলৰ অভিযান চলায় আৰু যোৱা ১৫ আগষ্টত সেই অভিযানৰ প্রায় সামৰণি পেলায়৷ সম্প্রতি তালিবানৰ শাসন চলি থকা আফগানিস্তানত পূর্বৰ চৰকাৰৰ লগত জড়িত আৰু আমেৰিকা যুক্তৰাষ্ট্র–নাটো বাহিনীৰ সৈতে কাম কৰা কিম্বা সহায় কৰা লোকক ঘৰে ঘৰে বিচাৰি ফুৰিছে তালিবানে৷

ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে, তালিবান সদস্যই আমেৰিকা আৰু নাটো বাহিনীক সহায় কৰা আফগান নাগৰিকৰ ওপৰত প্রতিশোধ লোৱাৰ বাবে ঘৰে ঘৰে বিচাৰি ফুৰিছে৷ আনপিনে আফগানিস্তানৰ মানৱ অধিকাৰ কর্মী মহিলা আৰু চৰকাৰী চাকৰিয়াল মহিলাই তালিবানৰ শাসনত মহিলাসকলক কামত বর্তাই ৰখাৰ দাবীৰে প্রতিবাদ অব্যাহত ৰাখিছে৷

RELATED ARTICLES