peepl-small

মেট্রিক–উঃমাঃ চূড়ান্ত পৰীক্ষা বাতিলৰ দাবীত ৰাজপথত পৰীক্ষার্থী

PUBLISHED:

গুৱাহাটীঃ ক’ভিড–১৯ৰ ভয়াৱহতাৰ মাজতে অহা মাহত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাৰ দাবীত মঙলবাৰে হাটশিঙিমাৰীৰ কেইবাখনো বিদ্যালয়ৰ শতাধি কৰে৷ জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ শতাধিক শিক্ষার্থীয়ে হাতে হাতে প্লে–কার্ড লৈ বিভিন্ন শ্লোগানেৰে মেট্রিক পৰীক্ষা বাতিলৰ দাবী জনায়৷ শিক্ষার্থীসকলৰ দাবী– প্রকট গৰমৰ মাজত তিনি ঘণ্টা মাস্ক পিন্ধি কৰি পৰীক্ষা দিয়াটো সম্ভৱ নহয়৷ তদুপৰি চৰকাৰে ইতিমধ্যে দেশৰ বিভিন্ন জিলাত মেড্রিক পৰীক্ষা বাতিল কৰাৰ লগতে চি বি এছ চি পৰীক্ষা বাতিল কৰিছে৷

এইক্ষেত্রত অসমত কিয় মেট্রিক পৰীক্ষা বাতিল কৰা নহয় সেই প্রশ্ন উত্থাপন কৰি শ্বাহিন মণ্ডল নামৰ শিক্ষার্থীগৰাকীয়ে কয় যে সময়মতে পৰীক্ষা হ’লে আমি ভালকৈ পৰীক্ষা দিব পাৰিলোঁহেঁতেন৷ কিন্তু এতিয়া সময় অতিক্রম কৰাৰ ফলত পঢ়া–শুনা কৰাৰ ক্ষেত্রত তেওঁলোক আগ্রহহীন হৈ পৰিছে৷ এনে পৰিস্থিতিৰ মাজত শিক্ষা বিভাগে পৰীক্ষা পাতিলে ফলাফল বেয়া হোৱাটো স্বাভাৱিক বুলি দাবী কৰে শিক্ষার্থীগৰাকীয়ে৷ সেয়ে যিকোনো পৰিস্থিতিৰ বিনিময়ত মেট্রিক পৰীক্ষা বাতিল কৰিব লাগে বুলি দাবী তুলি শিক্ষার্থীসকলে আজি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ ইফালে, কামৰূপ জিলাৰ কমলপুৰ চাৰিআলিত কালি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষার্থীসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ বাইহাটা চাৰিআলিৰ অসম পৰিবহণ নিগমৰ ফিল্ডত বৃহত্তৰ অঞ্চলটোৰ পূব কামৰূপ মহাবিদ্যালয়, চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়, গেটৱে একাডেমী, জেনিথ একাডেমী, এমেটি একাডেমী, পায়’নিয়াৰ একাডেমী, প্রজ্ঞা একাডেমীৰ ছাত্র–ছাত্রীসকল সমৱেত হৈ হাতে হাতে প্লেকার্ড লৈ প্রতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে৷

চি বি এছ চিৰ বিপৰীতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ছাত্র–ছাত্রীৰ ভৱিষ্যতক লৈ বৈষম্য কৰাৰো অভিযোগ উত্থাপিত কৰে প্রতিবাদী ছাত্র–ছাত্রীসকলে৷ প্রতিবাদী ছাত্র–ছাত্রীসকলৰ মতে, তিনি ঘণ্টা মাস্ক পিন্ধি পৰীক্ষাত অৱতীর্ণ হোৱাটো অসম্ভৱ৷ ৰাজ্য চৰকাৰে ক’ভিড প্রট’কল মানি পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে প্রস্তুতি চলোৱা নির্দেশনাক পোনছাটেই নাকচ কৰিছে ছাত্র–ছাত্রীসকলে৷

যিহেতু ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি চি বি এছ চিয়ে সকলো পৰীক্ষা ইতিমধ্যে পিছুৱাই দিছে৷ তেনে পৰিপ্রেক্ষিতত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা ব’ড আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এতিয়ালৈ তেনেধৰণৰ সিদ্ধান্ত কিয় গ্রহণ কৰা নাই বুলিও প্রশ্ন তোলে ছাত্র–ছাত্রীসকলে৷ উল্লেখ্য যে পূর্বে নির্ধাৰণ কৰা সময়সূচীতে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিবলৈ পাই ছাত্র–ছাত্রীসকল বিমোৰত পৰি ৰাজপথলৈ ওলাই আহিছে৷ প্রতিবাদকাৰী ছাত্র–ছাত্রীসকলৰ দাবী– তেওঁলোকৰো চি বি এছ চি শিক্ষা সংসদৰ দৰে পৰীক্ষাসমূহ পিছুৱাই দিয়ক নাইবা অনলাইনযোগে পৰীক্ষাসমূহ অনুষ্ঠিত কৰক৷

অসম মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা পিছুৱাই নিদিলে চি বি এছ চিৰ ছাত্র–ছাত্রীসকলে পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে বেছি সময় লাভ কৰিব আৰু তেওঁলোকে অসম মাধ্যমিক শিক্ষা সংসদৰ ছাত্র–ছাত্রীয়েধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলিও প্রতিবাদকাৰীসকলে মত প্রকাশ কৰে৷ অসম মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা পিছুৱাই নিদিলে আগলৈ ইয়াতকৈও তীব্র আন্দোলন কৰা হ’ব বুলি প্রতিবাদকাৰীসকলে হুংকাৰ দিয়ে৷

RELATED ARTICLES