peepl-small

সোণোৱাল–ড০ শর্মাৰ সবল নেতৃত্বতে অক্ষুণ্ণ জয়ৰ ধাৰা

PUBLISHED:

গুৱাহাটীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অক্লান্ত শ্রমৰ বাবেই বিজেপি নেতৃত্বাধীন মিত্রজোঁটে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যৰ শাসনভাৰ দখল কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে এইবাৰ বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্রেছে এআইইউডিএফ, বিপিএফ, আঞ্চলিক গণমর্চা, আৰজেডি, বাঁওপন্থী দলৰ উপৰি আদিবাসী, দেউৰী জনগোষ্ঠীৰ ক্ষুদ্র ক্ষুদ্র ৰাজনৈতিক শক্তিৰে মহাজোঁট গঠন কৰে৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ শর্মাই যোৱা পাঁচটা বছৰত মিত্রজোঁটৰ চৰকাৰখনে বিভিন্ন ক্ষেত্রত জনসাধাৰণৰ কল্যাণৰ বাবে গ্রহণ কৰা আঁচনি আৰু প্রকল্পকে মূল সমল হিচাপে লৈ দিন–ৰাতি একাকাৰ কৰি জনসাধাৰণৰ কাষ চাপে৷

ড০ শর্মাই নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পূর্বৰে পৰাই ইটোৰ পাছত সিটো সমষ্টিলৈ গৈ পদযাত্রা, চাইকেল ৰেলী, বাইক ৰেলী, নির্বাচনী সমাৱেশ আদি অনুষ্ঠিত কৰি বিজেপিৰ লগতে মিত্রজোঁটৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ আনকি মিত্রজোঁটৰ তৰফৰ পৰা এই নির্বাচন সভ্যতা ৰক্ষাৰ যুঁজ বুলি ৰণাংগনত নামি পৰে৷ মিত্রজোঁটৰ এনে নির্বাচনী কৌশলৰ বিপৰীতে মহাজোঁটে ক্ষমতা দখলৰ স্বার্থত নির্বাচনৰ প্রাক্ক্ষণত জনসাধাৰণক আকর্ষিত কৰাৰ বাবে পাঁচটাকৈ গেৰাণ্টি পর্যন্ত দিয়ে৷ কিন্তু কংগ্রেছৰ বিগত দিনৰ কার্যকলাপৰ বাবে ইতিমধ্যে জনসাধাৰণে আস্থা–বিশ্বাস হেৰুৱাই পেলোৱাৰ বাবেই কংগ্রেছৰ পাঁচ গেৰাণ্টিয়ে কোনো কাম নিদিলে৷ যাৰ বাবে দেওবাৰে নির্বাচনী ফলাফলত মহাজোঁট শোচনীয়ভাৱে বিধ্বস্ত হ’বলগীয়াত পৰে৷ ইয়াৰ বিপৰীতে কথা আৰু কামৰ মাজত সদায় সাদৃশ্য ৰাখি অহাৰ বাবেই অসমৰ জনসাধাৰণে মুখ্যমন্ত্রী সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ শর্মাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই সভ্যতাৰ যুঁজ অক্ষুণ্ণ ৰখাৰ স্বার্থতেই মিত্রজোঁটৰ সপক্ষে ভোটদান কৰে৷

RELATED ARTICLES