peepl-small

চিৰাঙত পুনৰ চুৰি বাইক উদ্ধাৰঃ ৮ দিনত ৩০ খন বাইক উদ্ধাৰ, আটক ৪

PUBLISHED:

গুৱাহাটীঃ চিৰাং আৰক্ষীয়ে যোৱা ৮ টা দিনত অভিযান চলাই ৩০ খন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে চুৰি চক্ৰৰ সৈতে জড়িত ৪ জন ব্যক্তিক আটক কৰে। আটক কৰা লোক সকলৰ মাজত মটৰ চাইকেল মেৰামতি কৰা এটা গেৰেজৰ গৰাকী এজনো আছে।

আজি দিনৰ ভাগত চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই তথ্য সদৰি কৰে অসম আৰক্ষীৰ অন্যতম জ্যেষ্ঠ বিষয়া তথা বিটিএডিৰ আই জি পি এল আৰ বিষ্ণয়ে। জিলা খনৰ অন্তৰ্গত ৰুণিখাটা থানাৰ অধিনস্থ বিভিন্ন স্থানত অভিযান চলাই স্কুটী সহ মুঠ ২১খন, পানবাৰী থানাৰ অধীনত ৭খন আৰু ঢালিগাঁও থানাৰ অধীনত ২ খন, মুঠ ৩০ খন চুৰি মটৰ চাইকেল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উদ্ধাৰ কৰা মটৰ চাইকেল সমূহৰ ভিতৰত ১৫ খন ১৫০ চি চি বাজাজ পালচাৰ, ৬ খন হিৰ’ গ্লেমাৰ, ৪খন চুপাৰ স্প্লেনডাৰ আৰু ৪খন স্কুটী। উদ্ধাৰ কৰা মটৰ চাইকেল সমূহৰ ১১ খন নম্বৰ প্লেট বিহীন আৰু বাকী বোৰৰ নম্বৰ প্লেট আছে যদিও সেই সমূহ প্ৰকৃত নে ভুৱা সেই সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি অসম আৰক্ষীৰ  জ্যেষ্ঠ আৰক্ষী বিষয়া এল আৰ বিষ্ণয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। চুৰি বাহন বিক্ৰী কৰা জনৰ সমানে ক্ৰয় কৰা ব্যক্তি জনো সমানে দোষী।

সেইবাবে আৰক্ষী বিষয়া জনে সৰ্বসাধাৰণ ৰাইজক কোনো ব্যক্তি বিশেষৰ পৰা মটৰ চাইকেল, স্কুটী আদি কৰি সকলো ধৰণৰ পূৰ্ব ব্যৱহৃত যানবাহান ক্ৰয় কৰাৰ আগেয়ে জিলা পৰিবহন বিভাগ অথবা অসম আৰক্ষীৰ পৰা ক্ৰয় কৰিব বিচৰা বাহন সম্পৰ্কে সবিশেষ তথ্য জানি ল’বলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়। বিগত ২০ জুনৰ পৰা ৮ জুলাই পৰ্যন্ত চিৰাং আৰক্ষীয়ে জিলা খনৰ ভূটান সীমান্তৱৰ্তী অতি ভিতৰুৱা অঞ্চলৰ পৰা সৰ্বমুঠ ৬৬ খন চুৰি দুচকীয়া বাহন জব্দ কৰাৰ লগতে চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অপৰাধত ২৩ জন ব্যক্তিক আটক কৰি গোচৰ ৰুজু কৰিছে।

জ্যেষ্ঠ আৰক্ষী বিষয়া এল আৰ বিষ্ণয়ে পূৰ্বে প্ৰকাশ কৰাৰ দৰে আজিও চুৰি মটৰ চাইকেল সমূহৰ সৰহ সংখ্যক আসামিজ কামত ব্যৱহাৰ কৰা হয় বুলি পুনৰ মন্তব্য কৰে। উদ্ধাৰ কৰা অধিকাংশ চুৰি মটৰ চাইকেল চিৰাং জিলাৰ চুবুৰীয়া অন্যান্য জিলাৰ পৰা আনি ভিতৰুৱা অঞ্চলত কম মূল্যত বিক্ৰী কৰা চক্ৰৰ সৈতে জিলা খনৰ একাংশ মটৰ চাইকেল মেৰামতি কৰা গেৰেজৰ গৰাকী জড়িত থকাৰ তথ্য লাভ কৰাৰ পাছত আৰক্ষীয়ে গেৰেজ সমূহৰ ওপৰতো বিশেষ নজৰ ৰখা বুলি জানিবলৈ দিয়ে।

অসমৰ বিভিন্ন প্ৰান্তত চুৰি হোৱা মটৰ চাইকেলৰ গৰাকীৰ সুবিধাৰ্থে চিৰাং জিলা আৰক্ষী আৰু অসম আৰক্ষীৰ ফেচবুক পেজত তথ্য সমূহ প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অতি শীঘ্ৰে এটি মোবাইল ‘এপ’ ৰো ব্যৱস্থা কৰা হ’ব বুলিও আৰক্ষী বিষয়া বিষ্ণয়ে সংবাদ মেলত মন্তব্য কৰে।

RELATED ARTICLES