peepl-small

অসাধু ব্যৱসায়ীক জে’লত ভৰোৱাৰ হুংকাৰ যোগান মন্ত্রীৰ

PUBLISHED:

গুৱাহাটী: ক’ভিডে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে অভাৱনীয় মূল্যবৃদ্ধি৷ প্রায় প্রতিটো অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য আকাশলংঘী হোৱাৰ লগতে ক্রমাৎ কৃত্রিম নাটনিৰো সৃষ্টি হ’বলৈ লৈছে৷ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ সুযোগ গ্রহণ কৰি এচাম ব্যৱসায়ীয়ে লুণ্ঠন আৰম্ভ কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ সমান্তৰালভাৱে আলু–পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ কৃত্রিম নাটনিৰে দাম বৃদ্ধিৰ ষড়যন্ত্রত লিপ্ত হৈছে এচাম অসাধু ব্যৱসায়ী৷ এনে পৰিস্থিতিয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে মঙলবাৰে দিছপুৰত যোগানমন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ স্পষ্ট হুংকাৰ– কৃত্রিম নাটনিৰ সৃষ্টি কৰা আৰু মূল্যবৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীয়ে জে’লৰ ভাত খাব লাগিব৷

ৰাজ্যৰ মূল্যবৃদ্ধিক লৈ তৎপৰ হৈ পৰা যোগান মন্ত্রীগৰাকীয়ে দিছপুৰত অনুষ্ঠিত কৰে এক গুৰুত্বপূর্ণ বৈঠক৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত অত্যাৱশ্যকীয় প্রতিবিধ সামগ্রীৰ মূল্যবৃদ্ধিৰ কাৰণ আৰু ইয়াৰ যোগান সম্পর্কেও বিস্তৃত তথ্য সংগ্রহ কৰে৷ এই বৈঠকতে যোগানমন্ত্রীগৰাকীয়ে প্রতিগৰাকী জিলা উপায়ুক্তলৈ বার্তা প্রেৰণ কৰি দুর্যোগৰ সময়ত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য যাতে ব্যৱসায়ীসকলে বৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷

আনহাতে, পাইকাৰী ব্যৱসায়ীসকলক মঙলবাৰে এক আহ্বান জনাই মন্ত্রীগৰাকীয়ে স্পষ্ট কৰে যে কোনো অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ লৈ মূল্যবৃদ্ধি ঘটালে অথবা সামগ্রীৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰিলে, তেনে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে প্রয়োজনত জে’লত ভৰোৱা হ’ব৷ দিছপুৰৰ বৈঠকৰ পাছতে সংবাদ মাধ্যমত যোগান মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে ক’ৰোনাৰ সুবিধা লৈ কোনো পাইকাৰী ব্যৱসায়ী যাতে মূল্যবৃদ্ধি নকৰে, তাৰ বাবে ব্যৱসায়ীসকলক অনুৰোধ জনোৱা হৈছে৷ এই অনুৰোধৰ পাছতো যদি সামগ্রীৰ মূল্যবৃদ্ধি কৰে অথবা কৃত্রিম নাটনি সৃষ্টি কৰে, তেন্তে সেইসকল ব্যৱসায়ীয়ে জে’লৰ ভাত খাব লাগিব৷ বিভাগক ইতিমধ্যে এই দিশত অবিৰত চোকা নজৰ ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷

সেই অনুসৰি যোগান বিভাগে ফাঁচী বজাৰকে ধৰি ৰাজ্যৰ অন্যান্য ব্যৱসায়িক কেন্দ্রস্থলসমূহ পৰিদর্শন কৰাৰ লগতে গুদামসমূহত সামগ্রীৰ মজুতকৰণৰ সকলো দিশ পর্যবেক্ষণ কৰিব৷ যোগানমন্ত্রীগৰাকীয়ে আজি ইয়াকো স্পষ্ট কৰে যে মূল্যবৃদ্ধিৰ বিষয়টোক বিস্তৃতভাৱে আলোচনা কৰাৰ বাবে ২৭ মে’ত ব্যৱসায়িক সন্থাসমূহৰ সৈতে আন এক বৈঠক অনুষ্ঠিত কৰা হ’ব৷

ইতিমধ্যে জিলা উপায়ুক্তৰ জৰিয়তে পাইকাৰী ব্যৱসায়ীসকলক নির্দেশ দিয়া হৈছে ব্যৱসায়ীসকলে প্রতিবিধ সামগ্রীৰ দামৰ তালিকাৰ ফলক ব্যৱসায়িক প্রতিষ্ঠানৰ সন্মুখত লগাব লাগিব৷ উল্লেখ্য যে ৰাজ্যত শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে৷ প্রতিকিলো আলুৰ মূল্য ১২ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি হোৱাৰ লগতে এক লিটাৰ মিঠাতেলৰ দাম ১৮৫ টকালৈ বৃদ্ধি হৈছে৷

RELATED ARTICLES