peepl-small

শীর্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত বিশেষ নার্ক’টিক্ছ শাখা গঠনৰ প্রস্তুতি

PUBLISHED:

গুৱাহাটীঃ  ড্রাগ্ছবিৰোধী অভিযান তীব্রতৰ আৰু দীর্ঘস্থায়ী কৰি তুলিবলৈ বিশেষ শাখা মুকলিৰ প্রস্তুতি চলাইছে অসম আৰক্ষীয়ে৷ এই শাখাৰ দায়িত্বই হ’ব অসমত ড্রাগ্ছৰ প্রচলন কঠোৰ হাতেৰে বন্ধ কৰা আৰু এই নিষিদ্ধ কাৰবাৰৰ লগত জড়িত দুর্বৃত্তক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্রদান কৰা৷

অসম আৰক্ষীৰ নতুন ‘নার্ক’টিক চেল’ৰ দায়িত্বত থাকিব অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান বা আৰক্ষী মহানির্দেশক পর্যায়ৰ বিষয়া৷ উল্লেখ্য যে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত (চি আই ডি) পূর্বৰে পৰা নার্ক’টিক চেল আছে যদিও বিভিন্ন সীমাবদ্ধতাৰ বাবে ই ফলপ্রসূ হোৱা নাই৷ যাৰ বাবে উচ্চপদস্থ বিষয়াৰ নেতৃত্বত এটা পূর্ণাংগ নার্ক’টিক চেল গঠনৰ সিদ্ধান্ত লোৱা হৈছে৷ প্রশিক্ষিত বিষয়া আৰু জোৱানক ‘নার্ক’টিক চেল’ত নিয়োগ কৰা হ’ব৷

ইপিনে মুখ্যমন্ত্রীৰ কঠোৰ নির্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যৰ সর্বত্র ড্রাগ্ছবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে৷ শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে হেঙেৰাবাৰীৰ পৰা ভার্গৱ ওৰফে মুন নামৰ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে৷ ধৃত সৰবৰাহকাৰীজনৰ পৰা ড্রাগ্ছভর্তি ৪টা কনটেইনাৰ, ৮০টা খালী কনটেইনাৰৰ লগতে নগদ ৩.৭০ লাখ টকা জব্দ কৰিছে৷ একেদৰে ক্রাইম ব্রাঞ্চেও কটাহবাৰীত অভিযান চলাই ৬ গ্রাম ড্রাগ্ছসহ ৰফিকুল ইছলাম নামৰ এজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে৷ 

RELATED ARTICLES