peepl-small

৭ চিকিৎসা মহাবিদ্যালয়ত শিশুৰ বাবে স্থাপন হ’ব বিশেষ আইচিইউ

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত ক’ৰোনাৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশৰ সৈতে যুঁজি থকা স্বাস্থ্য বিভাগে সম্ভাব্য তৃতীয় ঢৌৰ বাবে আগতীয়া প্রতিৰোধৰ প্রস্তুতি আৰম্ভ কৰিছে৷ বিশেষজ্ঞৰ তথ্য অনুসৰি ক’ৰোনাৰ তৃতীয় ঢৌৱে সর্বাধিক আক্রান্ত কৰিব পাৰে শিশুসকলক৷     

এনে পৰিস্থিতিত শিশুসকলক সংক্রমণৰ পৰা প্রতিৰোধ কৰি ৰখাৰ লগতে চিকিৎসাৰ ক্ষেত্রত বিশেষ পদক্ষেপ লোৱাৰ যথেষ্ট আৱশ্যক হ’ব৷ সম্ভাব্য এনে পৰিস্থিতিৰ সৈতে জোৰা মাৰিবলৈ স্বাস্থ্য বিভাগে শিশুৰ বাবে বিশেষ আই চি ইউ স্থাপনৰ সিদ্ধান্ত লৈছে৷

জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এনে প্রস্তুতিৰ তথ্য সদৰী কৰি কয় যে শিশুসকলৰ বাবে সাতখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিশেষ আই চি ইউ স্থাপনৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে৷ সমান্তৰালভাৱে জিলা চিকিৎসালয়সমূহতো ১০খন আই চি ইউ বিছনাৰে শিশুৰ চিকিৎসাৰ ক্ষেত্রত বিশেষ পদক্ষেপ লোৱা হৈছে৷

স্বাস্থ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি বিভাগে সাতখন চিকিৎসা মহাবিদ্যালয়ত মুঠ ৩২০খন আই চি ইউ বিছনা সাজু কৰিব৷ ইয়াৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪০খন, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০খন, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪০খন, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০খন, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০খন, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০খন আৰু ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০খন বিছনা সাজু কৰা হৈছে৷

সমান্তৰালভাৱে প্রতিখন জিলা চিকিৎসালয়ত ১০খনকৈ মুঠ ২৫০খন আই চি ইউ বিছনা সাজু কৰা হ’ব৷ ইফালে ৰাজ্যত ভেকচিন প্রদান প্রক্রিয়া খৰতকীয়া কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া স্বাস্থ্য বিভাগে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে যাতে ভেকচিন ক্রয় কৰিব পাৰে, তাৰ বাবে গ্রহণ কৰিছে এক বিশেষ পদক্ষেপ৷ স্বাস্থ্যমন্ত্রী মহন্তই এই সন্দর্ভত কয়– ৰাজ্যলৈ আবণ্টন হ’ব লগা মুঠ ভেকচিনৰ ২৫ শতাংশ ভেকচিন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দিয়াৰ বাবে কেন্দ্রই সিদ্ধান্ত গ্রহণ কৰিছে৷ এই ভেকচিনসমূহ যাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ক্রয় কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে চিকিৎসালয়সমূহক ঋণ প্রদান কৰিব৷

তিনি মাহৰ বাবে প্রদান কৰিব লগা এই ঋণ ভেকচিন বিক্রী কৰি চৰকাৰক আদায় দিব চিকিৎসালয়সমূহে৷ অর্থাৎ কোনো চিকিৎসালয়ে যদি অর্থৰ অভাৱত ভেকচিন ক্রয় কৰিবলৈ সামর্থ্য নহয়, তেন্তে সেই চিকিৎসালয়ত কোনো সুদ নথকাকৈ তিনি মাহৰ বাবে চৰকাৰে ঋণ আদায় দিব৷ ইয়াৰ ফলত আবণ্টিত হ’ব লগা ব্যক্তিগত খণ্ডত ২৫ শতাংশ ভেকচিন যাতে অসমে লাভ কৰে, সেই দিশত বিশেষ গুৰুত্ব দিয়া হৈছে৷

RELATED ARTICLES