peepl-small

এইবাৰ পুৱতি নিশালৈকে উদযাপন কৰিব নোৱাৰিব ৰঙালী বিহু চৰকাৰে জাৰি কৰিলে কেতবোৰ নীতি নিৰ্দেশনা

PUBLISHED:

গুৱাহাটী: সমাগত ৰঙালী বিহু। এইবাৰৰ বিহুত জুবিন, পাপনকে ধৰি শিল্পীৰ গান শুনিম বুলি সকলোৱে আশা কৰি আছিল। কিন্তু কৰোনাই লগালে কেণা। গোটেই নিশা পৰিবেশন কৰিব নোৱাৰিব সংগীতানুষ্ঠান।  শেহতীয়াকৈ কভিডৰ দ্ৰুত ভাৱে হোৱা সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰৰে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নীতি নিৰ্দেশনা অনুসৰিহে পালন কৰিব লাগিব ৰঙালী বিহু।

নীতি নিৰ্দেশনা সমূহ এনেধৰণৰঃ

বিহু আয়োজন কৰা সমূহ উদ্যেক্তাই কৰিব লাগিব কভিড পৰীক্ষা। বিহু অনুষ্ঠানৰ বাবে আগতীয়াকৈ প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি। তিনিদিন পূৰ্বে আয়োজকে কৰিব লাগিব কভিড পৰীক্ষা।

নিশা ১১ বজাৰ পূৰ্বে সামৰিব লাগিব বিহু অনুষ্ঠান। বিহু অনুষ্ঠানত দুবাৰকৈ চেনিটাইজ কৰাটো বাধ্যতামূলক।প্ৰতিগৰাকী দৰ্শকে পৰিধান কৰিব লাগিব মাস্ক। কেৱল মঞ্চত গীত পৰিবেশন কৰিবলগীয়া শিল্পীকহে ৰেহাই।

বিহুতলীত থাকিব লাগিব কেইবাখনে প্ৰৱেশ দ্বাৰ আৰু প্ৰস্থান দ্বাৰ। আগৰ দৰে ভিৰ কৰি বিহু চাব নোৱাৰিব।

সামাজিক দুৰত্ব অনুসৰি চকীৰ ব্যৱস্থা কৰিব লাগিব। অনুষ্ঠানত অংশগ্ৰহণকাৰীয়ে জুখিব লাগিব শৰীৰৰ উষ্ণতা। তাপ মান সামন্যতকৈ বেছি হ’লে স্বাস্থ্য কেন্দ্ৰলৈ যাব লাগিব।

RELATED ARTICLES