peepl-small

দেওবাৰে আনুষ্ঠানিকভাৱে নিজা দায়িত্ব ল’ব সোণোৱালে

PUBLISHED:

গুৱাহাটী: বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোণোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই কালি দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকে৷

সর্বানন্দ সোণাৱালৰ কার্যালয় সূত্রত জানিব পৰা মতে, শুভ ক্ষণ চাইহে তথা শুভ দিনতহে তেওঁ কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰিব৷ সোণোৱালে দেওবাৰে বন্ধৰ দিনাহে উক্ত দুই মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰিব৷

ইপিনে, কিৰেণ ৰিজিজুৱে কালি আনুষ্ঠানিকভাৱে কেন্দ্রীয় কেবিনেট মন্ত্রী হিচাপে ন্যায় আৰু আইন মন্ত্রালয়ৰ গুৰু দায়িত্ব গ্রহণ কৰে৷ একেদৰে কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছৰ লগতে কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী হিচাপে ৰামেশ্বৰ তেলীয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰে৷ উত্তৰ–পূর্বাঞ্চলৰ আন দুগৰাকী মন্ত্রী মণিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিঙে কেন্দ্রীয় বিদেশ আৰু শিক্ষা মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী হিচাপে আৰু ত্রিপুৰাৰ প্রতিমা ভৌমিকে কেন্দ্রীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে৷

দুটাকৈ গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব লাভ কৰি উৎফুল্লিত হৈ পৰা তেলীয়ে সাংবাদিকৰ আগত কয়– মই মোৰ নামৰ সৈতে সংগতি থকা তেলৰ (পেড্র’লিয়াম) দায়িত্ব লাভ কৰিছোঁ৷ তদুপৰি মোৰ ঘৰৰ সন্মুখতেই পেট্ৰ’লিয়াম আহৰণৰ কাম চলি থাকে৷ সেয়েহে এই বিভাগৰ দায়িত্ব মোৰ বাবে যথেষ্ট তাৎপর্যপূর্ণ৷ আনহাতে, চাহ বাগিচাৰ মাজত ডাঙৰ–দীঘল হোৱাবাবে শ্রম বিভাগটোও মই ভালদৰেই চম্ভালিব পাৰিম বুলি আশা কৰিছো৷ দুটাকৈ গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব দিয়াৰ বাবে তেলীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ওচৰত কৃতজ্ঞতাও স্বীকাৰ কৰে৷

আনহাতে, কেবিনেট মন্ত্রী হিচাপে আইন আৰু ন্যায় মন্ত্রালয়ৰ দায়িত্বভাৰ গ্রহণ কৰা কিৰেণ ৰিজিজুৱে সাংবাদিকৰ আগত কয়– শেহতীয়াকৈ এই বিভাগটো যথেষ্ট বিতর্কৰ মাজত সোমাই পৰিছে৷ সেয়েহে মোৰ বাবে এই দায়িত্ব যথেষ্ট প্রত্যাহ্বানজনক৷ বিভাগীয় কাম–কাজ ভালদৰে বুজাৰ বাবে কিছুসময়ৰ প্রয়োজন হ’ব বুলি তেওঁ মন্তব্য কৰে৷

RELATED ARTICLES