peepl-small

প্রধানমন্ত্রী মোদীক ধন্যবাদ সোণোৱালৰঃ ভাৰতবর্ষৰ ৰাইজক নিষ্ঠাৰে সেৱা কৰাই মোৰ প্রধান দায়িত্ব

PUBLISHED:

গুৱাহাটী: অসমৰ লগতে ভাৰতবর্ষৰ ৰাইজৰ নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱাটো মোৰ প্রধান দায়িত্ব আৰু কর্তব্য হ’ব৷ –বুধবাৰে সন্ধিয়া ৰাষ্ট্রপতি ভৱনত কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে সর্বানন্দ সোণোৱালে৷ দ্বিতীয়বাৰৰ কাৰণে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁক কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত কৰি দেশসেৱা কৰিবৰ কাৰণে যি সুযোগ দিলে, তাৰ বাবে প্রধানমন্ত্রী মোদীক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপনৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় অধ্যক্ষ জে পি নাড্ডাকো ধন্যবাদ জ্ঞাপন কৰি সোণোৱালে কয়– মোৰ বাবে এইটো এটা সৌভাগ্যৰ বিষয়৷ আগন্তুক দিনত মই নিশ্চিতভাৱে ভাৰতবর্ষৰ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে কাম কৰিব পাৰিম৷ অসমৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৰাইজলৈও আন্তৰিকতাৰে শ্রদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সোণোৱালে কয় যে তেখেতসকলৰ আশীর্বাদৰ বাবেই আজি এইবোৰ সম্ভৱ হৈছে৷ সকলো সময়তে অসমৰ ৰাইজ যোৱা দিনবিলাকত যেনেধৰণে সহায় কৰি আহিছে সেইকথা কেতিয়াও পাহৰিব নোৱাৰোঁ৷

মাজুলীবাসী ৰাইজকো আন্তৰিকতাৰে শ্রদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেখেতসকলেও তেওঁক সকলো সময়তে যিখিনি মৰম–চেনেহ দেখুৱাই আহিছে তাৰ বাবে তেখেতসকলৰ ওচৰতো চিৰকৃতজ্ঞ৷ সোণোৱালে পুনৰ কয়– মই বিশ্বাস ৰাখিছোঁ যে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ক্ষিপ্র উন্নয়নৰ বাবে যোৱা দিনবিলাকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যি পদক্ষেপ লৈছে, আগন্তুক দিনত তেওঁৰ যি সপোনৰ ভাৰতবর্ষৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলক অন্যতম শক্তিশালী কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলাৰ, সেই ক্ষেত্রতো নিশ্চিতভাৱে ইন্ধন যোগাবৰ বাবে ময়ো এটা সুযোগ লাভ কৰিছোঁ আৰু মোৰ দৃঢ়বিশ্বাস অসমৰ ৰাইজৰ সহযোগত এইখিনি কামত আমি যথেষ্ঠখিনি অগ্রসৰ হ’ব পাৰিম, সফল হ’ব পাৰিম৷ সোণোৱালে লগতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠিত চৰকাৰখনে যি দৃঢ়তাৰে কাম আৰম্ভ কৰিছে তাকো সফল কৰাৰ বাবে সকলোকে মিলি কাম কৰাৰ আহ্বান জনায়৷ দলৰ প্রতিগৰাকী কার্যকর্তা, বিধায়ক, সাংসদ আটাইকে কৃতজ্ঞতা আৰু শ্রদ্ধা জ্ঞাপন কৰি আগন্তুক দিনত সকলোৱে মিলি কাম–কাজত অগ্রসৰ হোৱাৰো আশা প্রকাশ কৰে৷

ইপিনে, কেন্দ্রীয় মন্ত্রী হিচাপে সোণোৱালে শপত গ্রহণ কৰাৰ পাছতেই নতুন দিল্লীৰ বাসগৃহত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷ সোণোৱালক কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰি কয় যে সন্তোষমোহন দেৱৰ পাছত অসমে সর্বানন্দ সোণোৱালক কেন্দ্রীয় মন্ত্রীসভাত কেবিনেট মন্ত্রী হিচাপে লাভ কৰিলে৷ ইয়াৰ ফলত অসমৰ গৌৰৱ বৃদ্ধি হৈছে৷ এইবাৰ কেন্দ্রীয় মন্ত্রীসভাত উত্তৰ–পূর্বাঞ্চলৰ পৰা দুজনকৈ কেবিনেট মন্ত্রী আৰু তিনিজনকৈ ৰাজ্যিক মন্ত্রী হৈছে৷ এয়া অঞ্চলটোৰ বাবে বিৰল ক্ষণ৷ পূর্বতে অঞ্চলটোৱে ইমান গুৰুত্ব লাভ কৰা নাছিল৷ প্রধানমন্ত্রী মোদীৰ উত্তৰ–পূবৰ প্রতি থকা বিশাল মৰম ইয়াৰ দ্বাৰা প্রতিফলিত হৈছে৷ ইয়াৰ ফলত ৰাষ্ট্র নির্মাণত উত্তৰ–পূবে বৰঙণি আগবঢ়াব পাৰিব৷ তেওঁলোকে ভাৰতবর্ষৰ বাবে কাম কৰাৰ লগতে অসমকে ধৰি উত্তৰ–পূবৰ বিকাশৰ ক্ষেত্রত সোণোৱালী যাত্রা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷

RELATED ARTICLES