peepl-small

পৰিস্থিতি বিষম হ’লে দ্বিতীয়বাৰলৈ দিব লগা হ’ব পাৰে লকডাউনঃ সোণোৱাল

PUBLISHED:

গুৱাহাটীঃ অসমত লকডাউন দিয়াৰ পক্ষত ৰাজ্য চৰকাৰ নাই যদিও পৰিস্থিতি বিষম হ’লে দ্বিতীয়বাৰলৈ দিব লগা হ’ব পাৰে লকডাউন। শুকুৰবাৰে যোৰহাটত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰ বাবে জনতাক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

“পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয় তাৰ বাবে সকলোৱে যেন বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। আমি লকডাউন হোৱাটো নিবিচাৰোঁ। কিন্তু পৰিস্থিতি যদি বেয়া হয়, সমাজখন ৰক্ষা কৰাৰ স্বাৰ্থত হয়তো সেই পৰ্যায়লৈ যাব লগা হ’ব পাৰে।”—এনেদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে।

RELATED ARTICLES