peepl-small

উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে ক’ভিড পৰিস্থিতিৰ আলোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

PUBLISHED:

গুৱাহাটীঃ ক’ভিড-১৯ৰ জটিল পৰিস্থিতিৰ বাবে আজি ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে সামগ্ৰিক অৱস্থাৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

হাস্পতালসমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি ক’ভিড-১৯ ব্যৱস্থাপনাৰ সবিশেষ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ঔষধৰ দাম যাতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

তদুপৰি, জিলাসমূহত ব্যাপকভাৱে সজাগতা বৃদ্ধি কৰাৰ লগতে ক’ভিড-১৯ৰ সাম্প্ৰতিক অৱস্থা সন্দৰ্ভত জনসাধাৰণক সবিশেষ অৱগত কৰিবলৈও বিষয়াবৰ্গক তেওঁ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে এক ফেচবুক পোষ্টযোগে জনায় — “সাপ্তাহিক বজাৰসমূহ ছেনিটাইজ কৰাৰ উপৰিও চাহ বাগিচা এলেকাত জনসচেতনতা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছোঁ।”

আনহাতে, কোনোপধ্যেই যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নহয়, তাৰ বাবে চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে সঘনাই আলোচনা কৰিবলৈও আমোলা-বিয়াসকলক কোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

“তদুপৰি, এই জটিল পৰিস্থিতিত জিলাসমূহত যাতে নিয়মীয়াকৈ বিদ্যুৎ যোগান অব্যাহত থাকে, তাৰ বাবে এ পি ডি চি এল-ৰ সৈতে আলোচনা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছোঁ।” — এনেদৰে প্ৰকাশ কৰে সোণোৱালে।

RELATED ARTICLES