গুৱাহাটীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ বাবে সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী।
ডিব্ৰুগড়ৰ পৰাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছে সোণোৱালে।
“সমগ্ৰ অসমৰ ৰাইজে তৰুণ গগৈ ডাঙৰীয়াৰ আৰোগ্য কামনা কৰি ঈশ্বৰৰ চৰণত মূৰ দোৱাইছে, প্ৰাৰ্থনা জনাইছে। আমিও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সোনকালে তেখেত আৰোগ্য হৈ উঠে।”-সোণোৱোলে এনেদৰে কয়।
স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা গগৈৰ স্বাস্থ্যৰ খবৰ লোৱা বুলি সোণোৱালে জনায়।
“আমাৰ সদায় তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি আছে আৰু থাকিব”-সোণোৱালে এনেদৰে উল্লেখ কৰে।
Flying back to Guwahati from Dibrugarh after cancelling my programmes midway to be on the side of respected Tarun Gogoi da & his family as the former CM’s health deteriorates. He has always been a father figure to me. I join millions in praying for his recovery. @GauravGogoiAsm
— Sarbananda Sonowal (@sarbanandsonwal) November 23, 2020