peepl-small

প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র ছোনিয়া গান্ধীৰ

PUBLISHED:

গুৱাহাটীঃ কেন্দ্রীয় চৰকাৰৰ নতুন ভেকচিন নীতিক লৈ অসন্তুষ্টি প্রকাশেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র প্রেৰণ কৰিছে কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে৷

পত্রখনত ছোনিয়া গান্ধীয়ে উল্লেখ কৰা মতে কেন্দ্রীয় চৰকাৰৰ নতুন ভেকচিন নীতি স্বেচ্ছাচাৰী আৰু বৈষম্যমূলক৷ এই অভিযোগ উত্থাপন কৰি কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রীগৰাকীয়ে শীঘ্রেই এই নীতিত হস্তক্ষেপ কৰি সংশোধনৰ বাবে আহ্বান জনাইছে৷

উল্লেখ্য যে নতুন ভেকচিন নীতি অনুসৰি কেন্দ্রীয় চৰকাৰে ১৮ বছৰ আৰু ৪৫ বছৰৰ মাজৰ সকলো লোককে ভেকচিন প্রদান কৰা হ’ব৷ এই নীতি সন্দর্ভত অসন্তুষ্টি প্রকাশেৰে ছোনিয়া গান্ধীয়ে পত্রখনত উল্লেখ কৰে যে বিগত বর্ষৰ শিক্ষণৰ সত্ত্বেও কিয় এই পদক্ষেপ গ্রহণ কৰিলে, যাৰ জৰিয়তে দেশৰ নাগৰিকৰ মনত পীড়া হয়৷ চৰকাৰখনে ধাৰাবাহিকভাৱে স্বেচ্ছাচাৰী আৰু বৈষম্যমূলক নীতি গ্রহণ কৰি আহিছে, যিয়ে বর্তমানৰ প্রত্যাহ্বানক আৰু অধিক জটিল কৰি তোলে৷

RELATED ARTICLES