peepl-small

হাঁহিমুখীয়া তৰুণ গগৈ আঁতৰি গ’ল..

PUBLISHED:

গুৱাহাটীঃ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা তৰুণ গগৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। নিজৰ সৰলতা, সততা আৰু অনন্য ব্যক্তিত্বৰে ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা নেতাগৰাকীৰ মৃত্যুত অজস্ৰজনে শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। গগৈক জনপ্ৰিয় আৰু অভিজ্ঞতাপুষ্ট নেতা আখ্যা দিয়ে মোডীয়ে।

১৯৩৪ চনৰ ১১ অক্টোবৰত যোৰহাটৰ ৰঙাজান চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল গগৈয়ে।

ঘৰত সকলোৱে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক

১৯৭১ চনৰ পৰা ১৯৮৪ চনলৈ যোৰহাট লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে
১৯৯১-১৯৯৬ চনলৈ কলিয়াবৰ সমষ্টিৰ সাংসদ আছিল গগৈ

১৯৯৬-১৯৯৮ চনলৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হয় তেওঁ।

১৯৯৮-২০০১ চনলৈ কলিয়াবৰ সমষ্টিৰ সাংসদ হয় অভিজ্ঞ ৰাজনীতিবিদগৰাকী।

২০১১ চনৰ পৰা ২০১৬ ৰ মে’ মাহলৈ ১৫ বছৰ ধৰি সবাতোকৈ দীৰ্ঘ সময়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে গগৈয়ে ।অসমৰ ১৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে গগৈয়ে।

মৃত্যৰ সময়ত গগৈয়ে পত্নী ডলী গগৈ, দুই সন্তান চন্দ্ৰিমা গগৈ, গৌৰৱ গগৈ আৰু বোৱাৰীয়েক এলিজাবেথক এৰি থৈ গৈছে।

RELATED ARTICLES