peepl-small

উদয়াচলত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ’ল দক্ষতা বিকাশৰ প্ৰশিক্ষণ

PUBLISHED:

গুৱাহাটী: দিব্যাংগ শিশুৰ শাৰীৰিক, মানসিক, শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ বাবে যাদৱ চন্দ্র ভূঞা সোঁৱৰণী ন্যাসে বিভিন্ন কাম কৰি আহিছে৷ পাণ্ডুৰ জয়মতী নগৰস্থিত ন্যাসৰ কার্যালয় ‘উদয়াচল’ত আজি ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ অধীনত যাদৱ চন্দ্র ভূঞা সোঁৱৰণী ন্যাসে এটা দক্ষতা বিকাশ কেন্দ্র মুকলি কৰে৷ এই উপলক্ষে উদয়াচলত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত দক্ষতা বিকাশ কেন্দ্রটো মুকলি কৰে দক্ষতা বিকাশ অভিযানৰ মিছন সঞ্চালক আনন্দ প্রকাশ তিৱাৰীয়ে৷ দক্ষতা বিকাশ কেন্দ্রটো মুকলি কৰি ভাষণ প্রসংগত তিৱাৰীয়ে কয় যে উদয়াচলত দিব্যাংগ শিশুসকলে নতুন জীৱন লাভ কৰিছে৷ মুখ্য ন্যাসৰক্ষী ৰিণিকি ভূঞা শর্মাৰ প্রচেষ্টাত উদয়াচলত দিব্যাংগ শিশুসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক আৰু বৌদ্ধিক বিকাশ সাধনত গুৰুত্বপূর্ণ ভূমিকা লৈছে৷ এয়া অনুকৰণীয় আৰু প্রশংসনীয় বুলিও ভাষণ প্রসংগত তিৱাৰীয়ে মন্তব্য কৰে৷

লগতে তেওঁ দক্ষতা বিকাশ কেন্দ্রটোত অঞ্চলটোৰ নিবনুৱা লোকসকলক সামৰি স্বাৱলম্বী হ’ব পৰাকৈ বিভিন্ন বিষয়ত প্রশিক্ষণ প্রদান কৰিবলৈ আহ্বান জনায়৷ এই ক্ষেত্রত অসম ৰাজ্যিক দক্ষতা বিকাশ অভিযানৰ তৰফৰ পৰা সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে৷ এই অনুষ্ঠানত উদয়াচলৰ দিব্যাংগ ছাত্র–ছাত্রীসকলে যোগ আৰু নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মা, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মা আৰু আনন্দ প্রকাশ তিৱাৰীয়ে বন্তি প্রজ্বলন কৰে৷ উদয়াচলৰ সমন্বয়ক ডাঃ দীপজ্যোতি চেটার্জীয়ে আদৰণী ভাষণ দিয়া অনুষ্ঠানত সমাজকর্মী ঘনশ্যাম ধনুকা, ডাঃ নীলমোহন ৰয়কে ধৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷


RELATED ARTICLES