peepl-small

আজি শিল্পী দিৱস; গীতে-মাতে সোঁৱৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক

PUBLISHED:

গুৱাহাটী: আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ৭০ সংখ্যক মৃত্যু তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গীতে-মাতে স্মৰণ কৰিছে মহান শিল্পীগৰাকীক।

আনহাতে যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাই দুদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে শিল্পী দিৱস। ইপিনে সন্ধিয়ালৈ আয়োজন কৰা হৈছে সাংস্কৃতিক সন্ধিয়া।

তেজপুৰটো শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰিছে ৰাইজে। শিল্পী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশুসকলৰ মাজত আয়োজন কৰা হৈছে জ্যোতি সংগীত, চিত্ৰাংকণকে ধৰি বিভিন্ন প্ৰতিযোগিতা।

RELATED ARTICLES